Your Voice, Our Strength

ভাৰতৰ অন্যতম অতিশয় ফলপ্ৰসূ ক’-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড যুগুত কৰিবলৈ টাটা নিউ আৰু এইচডিএফচি বেংকৰ অংশীদাৰিত্ব

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট, ২০২২: টাটা নিউ আৰু এইচডিএফচি বেংকে আজি ভাৰতৰ অন্যতম অতিশয় ফলপ্ৰসূ ক’-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড শুভাৰম্ভৰ অৰ্থে এক অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। এই কাৰ্ড দুটা প্ৰকাৰত মুকলি কৰা হ’ব যথাঃ টাটা নিউ প্লাছ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ড আৰু টাটা নিউ ইনফিনিটি এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ড। টাটা নিউৰ গ্ৰাহকসকলে টাটা নিউ এপৰ জৰিয়তে এই ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন আৰু এপটোৰ জৰিয়তেই এই কাৰ্ডৰ মূল সবিশেষ লাভ কৰিব পৰাৰ সমান্তৰালকৈ এটি সৰল আৰু অতিশয় ফলপ্ৰসূ অভিজ্ঞতা লাভ কৰিব পাৰে। এই উভয় প্ৰকাৰৰ কাৰ্ডেই ৰুপে আৰু ভিছা, দুয়োটা নেটৱৰ্কতে উপলব্ধ হ’ব।

 

এই কাৰ্ডে ভাৰতৰ অগ্ৰণী কাৰ্ড জাৰি কৰ্তা হিচাপে এইচডিএফচি বেংকৰ স্থিতি আৰু সমগ্ৰ প্ৰধান শিতানত টাটা নিউৰ অমনিচেনেল উপস্থিতিক গৌৰৱান্বিত কৰি গ্ৰাহকক সৰ্বাধিক মূল্য আৰু এটি সংহত অভিজ্ঞতা প্ৰদান কৰিবলৈ এই উভয় ব্ৰেণ্ডৰে শক্তিক প্ৰতিপন্ন কৰিব। ইয়াৰোপৰি, এই কাৰ্ডৰ আন এটি উপযোগিতা হৈছে, ইয়াৰ জৰিয়তে গ্ৰাহকে সকলো ব্যয়তে, অনলাইন আৰু ইন-ষ্ট’ৰ উভয়তে নিউ কইনছ (১ নিউ কইন = ১ টকা) ৰ ৰূপত ৰিৱাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব। গ্ৰাহকসকলে পাৰ্টনাৰ টাটা ব্ৰেণ্ডত সকলো ক্ৰয়তে, অনলাইন আৰু ইন-ষ্ট’ৰ উভয়তে টাটা নিউ প্লাছ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত ২% নিউ কইনছ আৰু টাটা নিউ ইনফিনিটি এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত ৫% নিউ কইনছ লাভ কৰিব। পাৰ্টনাৰ টাটা ব্ৰেণ্ডৰ বাহিৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকে সংশ্লিষ্ট কাৰ্ড প্ৰকাৰত ক্ৰমে ১% আৰু ১.৫% নিউ কইনছ লাভ কৰিব।

 

P&C

কাৰ্ডসমূহে টাটা নিউৰ জৰিয়তে কৰা প্ৰতিটো ক্ৰয়ৰ ক্ষেত্ৰত টাটা নিউৰ গ্ৰাহকসকলে বৰ্তমানতকৈ অধিক ৰিৱাৰ্ড লাভৰ পথ প্ৰশস্ত কৰিব। ৫% নিউ কইনছৰ বৰ্তমানৰ টাটা নিউৰ সুবিধাৰ সৈতে ইয়াক সংযুক্ত কৰিলে, এজন গ্ৰাহকে এতিয়া কাৰ্ডৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি টাটা নিউ এপটোত তেওঁলোকৰ ব্যয়ৰ মূল্যৰ মুঠ ৭% বা ১০% উপাৰ্জন কৰিব পাৰিব।

 

এই অংশীদাৰিত্ব সন্দৰ্ভত বক্তব্য প্ৰদান কৰি টাটা ডিজিটেলৰ বিত্তীয় সেৱাৰ চিইঅ’ মদন সাহাই কয়, “আমি ভাৰতৰ অন্যতম বৃহৎ বিত্তীয় প্ৰতিষ্ঠান – এইচডিএফচি বেংকৰ সৈতে অংশীদাৰিত্বৰে আমাৰ গ্ৰাহকসকললৈ এখনি ফলপ্ৰসূ ক্ৰেডিট কাৰ্ড আগবঢ়াই আনন্দিত হৈছো যিয়ে তেওঁলোকৰ বজাৰ কৰাৰ অভিজ্ঞতাক অধিক লাভজনক কৰি তুলিব। গ্ৰাহকসকলে গ্ৰচাৰী, ভ্ৰমণ, ইলেকট্ৰনিকছ, ফেশ্বন, স্বাস্থ্য আৰু সুস্থতাকে ধৰি একাধিক শিতানৰপৰা বাছনি কৰিব পাৰিব। টাটা নিউ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডে টাটা নিউৰ মূল প্ৰস্তাৱনা –ভাৰতীয় উপভোক্তাৰ জীৱন সৰলীকৰণ ক প্ৰতিফলিত কৰিছে। আমি এই কাৰ্ডে টাটা নিউৰ অভিজ্ঞতাক অধিক বৃদ্ধি আৰু সমগ্ৰ দেশতে আমাৰ লক্ষ্য নিৰ্ধাৰিত গ্ৰাহকসকলৰ মাজত এক ব্যাপক আগ্ৰহ লাভ কৰিব বুলি আশাবাদী।”

 

এইচডিএফচি বেংকৰ পেমেন্ট বিজনেছ, কনজিউমাৰ ফাইনেন্স টেকন’লজি আৰু ডিজিটেল বেংকিঙৰ গ্ৰুপ হেড পৰাগ ৰাওৱে কয়, “ভাৰতৰ অগ্ৰণী কাৰ্ড জাৰি কৰ্তা হিচাপে প্ৰতিটো গ্ৰাহক স্তৰৰ বাবে এটি অনুকূল অফাৰ আগবঢ়াবলৈ আমি প্ৰচেষ্টা গ্ৰহণ কৰিছো। সৰ্ব-শ্ৰেষ্ঠ পেমেন্ট সমাধান প্ৰদান কৰিবলৈ আমি সেয়েহে ভ্ৰমণ, স্বাস্থ্যসেৱা, ফিনটেক আৰু খুচুৰা বিক্ৰীৰপৰা আৰম্ভ কৰি আমাৰ বাতাবৰণটোৰ একাধিক প্লেয়াৰ্ছৰ সৈতে কাম কৰিছো। টাটা নিউ এপটোৰ পৰিসৰৰ অধীনত ইয়াৰ সকলো অগ্ৰণী ব্ৰেণ্ডক একত্ৰিত কৰা এই আকৰ্ষণীয় প্ৰস্তাৱটো আগবঢ়াবলৈ টাটা ডিজিটেলৰ সৈতে অংশীদাৰিত্ব কৰি আমি আনন্দিত হৈছো। আমাৰ কাৰ্ডসমূহে গ্ৰাহকৰ বজাৰ কৰাৰ অভিজ্ঞতাক অধিক সমৃদ্ধ কৰিব, যাৰ ফলশ্ৰুতিত তেওঁলোকে গ্ৰচাৰীৰপৰা আৰম্ভ কৰি বিমানলৈকে একাধিক সেৱাৰ বিপৰীতে অসামান্য ৰিৱাৰ্ড লাভ কৰিব।”

 

টাটা নিউ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডে ইয়াৰ সৰল অথচ শক্তিশালী ৰিৱাৰ্ড কাৰ্য্যক্ৰমৰে গ্ৰাহকক সন্তোষিত কৰিব বুলি আশা কৰা হৈছে। গ্ৰাহকসকলে টাটা নিউত ইলেকট্ৰনিকছ, ফেশ্বন, ভ্ৰমণ, আতিথ্য, গ্ৰচাৰী আৰু ফাৰ্মাচীৰপৰা আৰম্ভ কৰি সকলো শিতান আৰু সকলো পাৰ্টনাৰ ব্ৰেণ্ড (অনলাইন আৰু ইন-ষ্ট’ৰ) ৰ জৰিয়তে ক্ৰয় কৰিবলৈ, লাভ কৰা নিউ কইনছসমূহ ব্যৱহাৰ কৰিব পাৰিব। টাটা নিউ ব্যৱস্থাত লেন-দেনৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে নমনীয়তা আৰু ইনচেনটিভৰ ব্যৱস্থা কৰা হৈছে। কাৰ্ডহ’ল্ডাৰসকলে ভাৰত আৰু বিদেশৰ বিমানবন্দৰসমূহত অভিনন্দনমূলক লাউঞ্জৰ সুবিধাও লাভ কৰিব পাৰে।

You might also like