Your Voice, Our Strength

গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত দুদিনীয়া গ্ৰন্থমেলা – আনন্দৰ বাবে অধ্যয়নৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী, ১ ছেপ্তেম্বৰ , ২০২২: গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত ২০২২ চনৰ ৩০ আগষ্ট মঙলবাৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্ট বুধবাৰলৈ দুদিনীয়া গ্ৰন্থমেলা- আনন্দৰ বাবে অধ্যয়ন অনুষ্ঠান অনুষ্ঠিত হয়।বিদ্যালয়খনৰ লক্ষ্য হৈছে এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ উৎসাহিত কৰা আৰু গুণগত মানদণ্ডৰ কিতাপ সম্পৰ্কীয় বিষয়বস্তুৰ সুবিধা প্ৰদান কৰা।

 

এই অনুষ্ঠানত ১০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটে। নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অভিভাৱকসকলো উপস্থিত আছিল। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ বাবে সকলো শাখাৰ শিক্ষা সম্পৰ্কীয় বিভিন্ন কিতাপ প্ৰদৰ্শন কৰা হয়।

 

P&C

বিদ্যালয়খনে বিশিষ্ট প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাসকলক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়। এই তালিকাত আছে নিউ সৰস্বতী হাউচ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ইউফিয়াছ লাৰ্নিং প্ৰাইভেট লিমিটেড, অৰিয়েণ্ট ব্লেকশ্বুৱান প্ৰাইভেট লিমিটেড, প্ৰজ্ঞা মিডিয়াহাইপ বুকছ, নিউ সৰস্বতী হাউচ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, গোৱেল ব্রাদার্ছ প্রকাশন আৰু ইষ্টার্ন বুক হাউছ৷ অনুষ্ঠানটোক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে আন্তৰিকতাৰে গ্ৰহণ কৰে। গ্ৰন্থমেলাত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজৰ আগ্ৰহৰ অন্ততঃ এখন কিতাপ বিচাৰি উলিয়াব পাৰে, সেইটো নিশ্চিত কৰা হয়।

You might also like