Your Voice, Our Strength

ভাৰতৰ ট্ৰাকচালক সমাজৰ সৈতে এইচ ডি বি এফ এছৰ বিশ্ব ফিজিঅ’থেৰাপি দিৱস উদযাপন

ট্ৰাক চালকৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ গোৱালপাৰা শাখাৰ সৈতে ৩০খন চহৰত স্থাপন কৰা হৈছে কেম্প

আজিৰ খবৰ, গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, ২০২২ : ফিজিঅ’থেৰাপিষ্টসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত বিশ্ব ফিজিঅ’থেৰাপি দিৱস পালন কৰা হয়। এই দিনটো অধিক অৰ্থপূৰ্ণ কৰিবলৈ এইচ ডি বি ফাইনেন্সিয়েল চাৰ্ভিচেছে (এইচডিবিএফএছ)চিএছআৰ কাৰ্যসূচী পৰিবহণ আৰোগ্যম কেন্দ্ৰ(টিএকে)ৰ অধীনত ট্ৰাকচালক সমাজৰ বাবে এক ফিজিঅ’থেৰাপী শিবিৰৰ আয়োজন কৰিছে।

 

ট্ৰাক চালকসকলে প্ৰায়ে এক আৱদ্ধ কোঠাত বহি দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে। তাৰোপৰি, অন্যান্য কাৰকসমূহ যেনে, খহটা ভূখণ্ড, এৰ্গোনোমিক ডিচফাংশ্যন, গাড়ী চলোৱাৰ সময়ত হোৱা কম্পন, ডেলিভাৰীৰ তাৎক্ষণিকতা ইত্যাদিয়ে তেওঁলোকৰ শাৰীৰিক আৰু আৱেগিক সমস্যা বৃদ্ধি কৰে।

 

P&C

ট্ৰাক চালকৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব দিয়াৰ লক্ষ্যৰে, এইচডিবিএফএছে কৰ্ণাটক, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, তেলেংগানা, মহাৰাষ্ট্ৰ, বিহাৰ, উৰিষ্যা, অসম আৰু মধ্য প্ৰদেশ ৰাজ্যৰ ত্ৰিশখন চহৰত ৮ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰলৈ ফিজিঅ’থেৰাপী শিবিৰ অনুষ্ঠিত কৰিছে। সৰ্বাধিক সংখ্যক ট্ৰাক চালকক লাভান্বিত কৰিবলৈ পৰিবহণ কেন্দ্ৰ আৰু ইয়াৰ আশে-পাশে থকা স্থানসমূহ কৌশলপূৰ্ণভাৱে পৰিকল্পনা কৰা হৈছে। অসমত, এই শিবিৰ এইচ ডি বি ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ গোৱালপাৰা শাখাত স্থাপন কৰা হয়। স্থানীয় চিকিৎসক, পৰিবহণকাৰী আৰু ঔদ্যোগিক সংস্থাৰ সহযোগত শিবিৰসমূহ আয়োজন কৰা হৈছে। ট্ৰাক চালকসকলক মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ বাবে শিবিৰসমূহত অভিজ্ঞ থেৰাপিষ্ট আৰু অত্যাধুনিক চিকিৎসা সঁজুলি ব্যৱহাৰ কৰা হয়।

 

শিবিৰৰ আয়োজন সন্দৰ্ভত মন্তব্য কৰি বাণিজ্যিক বাহন ব্যৱসায়ৰ ৰাষ্ট্ৰীয় মুৰব্বী অজয় ঠাকুৰে কয় যে, “সময়ৰ লগে লগে ট্ৰাক চালকসকলৰ পেশীৰ গুৰুতৰ ভাৰসাম্যহীনতাই দেখা দিব পাৰে যাৰ ফলত হাড় আৰু স্নায়ুৰ সমস্যাৰ সৃষ্টি হয় আৰু ফলস্বৰূপে বিভিন্ন বিষে গা কৰি উঠে।তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে এইচ ডি বি বিত্তীয় সেৱাই সমগ্ৰ ভাৰততে ফিজিঅ’থেৰাপি শিবিৰ স্থাপন কৰিছে যাতে অধিক সংখ্যক চালকৰ কাষ চাপিব পাৰি আৰু বিশেষজ্ঞ পৰামৰ্শদাতা শিবিৰৰ জৰিয়তে তেওঁলোকে সন্মুখীন হোৱা স্বাস্থ্য-সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ লাঘৱ কৰিব পাৰি।”

You might also like