Your Voice, Our Strength

পূৰবী ডেইৰীলৈ দ্বিতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় হিচাপে NCDFI বঁটা প্ৰদান

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পূৰবী ডেইৰীক NCDFI দ্বিতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা প্ৰদান কৰে

আজিৰ খবৰ, গুৱাহাটী, ১০ অক্টোবৰ, ২০২২: কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে চিক্কিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত ইস্তাৰ্ন এণ্ড নৰ্থ-ইস্তাৰ্ন কোপাৰেটিভ ডেইৰী কনক্লেভ, ২০২২-ত ৭ অক্টোবৰ তাৰিখে অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায়, পূৰবী ডেইৰীক আনুষ্ঠানিক বিক্ৰেতা হিচাপে দ্বিতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় হিচাপে নেশ্যনেল কোপাৰেটিভ ডেইৰী ফেডাৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড বঁটা প্ৰদান কৰে ।

গেংটকত অনুষ্ঠিত হোৱা ইস্তাৰ্ন এন্দ নৰ্থ-ইস্তাৰ্ন কোপাৰেটিভ ডেইৰী কনক্লেভ, ২০২২ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। এই নিৰ্বাচক সভা নেশ্যনেল কোপাৰেটিভ ডেইৰী ফেডাৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডে ছিক্কিম কোপাৰেটিভ মিল্ক প্ৰডিউচাৰ্চ ইউনিয়ন লিমিটেড আৰু ছিক্কিম চৰকাৰৰ সহযোগত অনুষ্ঠিত কৰে।

P&C

NCDFI-ৰ অধ্যক্ষ শ্ৰী মংগল জিত ৰায়ে তেওঁৰ আদৰণি ভাষণত দুগ্ধ সমবায়ৰ ক্ষেত্ৰত, বিশেষভাৱে দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে বিশেষ বানচ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ গুৰুত্ব আৰু তাত ছিক্কিম চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপৰ বিষয়ে উল্লেখ কৰে, যিয়ে ছিক্কিম ৰাজ্যক উচ্চ বিকাশৰ ক্ষেত্ৰত আগবাঢ়িব যাবলৈ সহায় কৰিছে। NCDFI পূৰ্ব আৰু পূৰ্বোত্তৰ ভাৰতত দুগ্ধ সমবায়ৰ ক্ষেত্ৰত আৰু অধিক উন্নতিৰ আশা ৰাখিছে বুলি তেওঁ উল্লেখ কৰে।

ছিক্কিম মিল্ক ইউনিয়নে প্ৰথম স্থান, পূৰবী ডেইৰীয়ে (ৱেষ্ট আচাম মিল্ক প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেড) দ্বিতীয় স্থান, আনহাতে মাদাৰ ডেইৰী, কলকাতাই তৃতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় হিচাপে বঁটা লাভ কৰে। তাৰ লগতে সুধা (বিহাৰ), মেধা (ঝাৰখণ্ড), অমফেদ (উৰিষ্যা), ভাগীৰথী (পশ্চিম বংগ), আৰু ডিমুল (নাগালেণ্ড) এই সমবায়কেইটাই সক্ৰিয় অংশগ্ৰহণকাৰী ৰূপে বঁটা লাভ কৰে।

WAMULৰ বাবে এই বঁটা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পৰা গ্ৰহণ কৰে WAMULৰ অধ্যক্ষ শ্ৰী মিনেশ শ্বাহ আৰু WAMUL ৰ প্ৰবন্ধ নিৰ্দেশক শ্ৰী এচ বি বসুৱে।

সভাক উদ্দেশ্যি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দুগ্ধ উৎপাদনেই হৈছে একমাত্ৰ পথ যিয়ে সংযুক্ত উন্নয়ন, মহিলা সবলীকৰণ, দৰিদ্ৰতা নিবাৰণ আৰু খেতিয়কৰ আয় সবলীকৰণত সকলোতকৈ বেছি সহায়ক হ’ব। শ্ৰী শ্বাহে উল্লেখ কৰে যে গাখীৰ আৰু দুগ্ধ উৎপাদনত লাভ আৰু বজাৰৰ হাৰ অতি বেছি আৰু সেয়েহে দুগ্ধ উৎপাদন আৰ্থিক উন্নয়নৰ বাবে অতি মহত্বপূৰ্ণ। তেখেতে উল্লেখ কৰে যে দুগ্ধ সমবায়ে উৎপাদকৰ আৰ্থিক উন্নয়নতো বিশেষ স্থান অধিকাৰ কৰে কিয়নো বিক্ৰী মূল্যৰ ৭০% উৎপাদনকাৰীৰ হাতলৈ যায়।

শ্ৰী অমিত শ্বাহে এই সভাৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ সাৰ প্ৰয়োগ পৰিযোজনাৰ আৰম্ভণি কৰে। এই পৰিযোজনা NDDB আৰু ছিক্কিম মিল্ক ইউনিয়নে প্ৰয়োগ কৰা চাচটেইন প্লাচ এনাৰ্জি ফাউণ্ডেশ্যনে যৌথ পূজি দান কৰে।

NDDB ৰ অধ্যক্ষ শ্ৰী মিনেশ শ্বাহে উল্লেখ কৰে দুগ্ধ সমবায়ে পূৰ্বোত্তৰ অঞ্চলত যথেষ্ট প্ৰগতি আনিব যিহেতু এই অঞ্চল সমলেৰে পুৰ্ণ। এই আৰ্হি কৃতকাৰ্য্যতাৰে অসম আৰু ঝাৰখণ্ডত প্ৰদৰ্শন কৰা হয়। NDDB য়ে সাৰ প্ৰয়োগ পৰিযোজনাৰ বিষয়েও বাখ্যা আগবঢ়ায়। এই পৰিযোজনাই গ্ৰাম্য ঘৰুৱা ৰন্ধন ইন্ধন, জৈৱিক সাৰ আৰু সেউজ শক্তিৰ প্ৰচাৰ আৰু উৎবৃত্ত গোবৰ-মিহলি পানীয়ে আনিব পৰা নতুন যুগান্তকাৰীভাৱে অনেক লাভৰ পথ প্ৰদৰ্শন কৰিব।

এই অনুষ্ঠানত উপস্থিত থাকে ছিক্কিমৰ মূখ্য মন্ত্ৰী শ্ৰী প্ৰেম সিং টামাং; ছিক্কিমৰ শিক্ষা মন্ত্ৰী শ্ৰী কুঙা নিমা লেপ্চা; ছিক্কিম বিধান সভাৰ অধ্যক্ষ শ্ৰী অৰুণ কুমাৰ উপ্ৰেটি; পশু পালন আৰু পশু চিকিৎসা সেৱা মন্ত্ৰী, কৃষি আৰু উদ্যান শস্য আৰু শ্ৰম বিভাগ মন্ত্ৰী শ্ৰী লোক নাথ শৰ্মা; সমবায়, গ্ৰাম্য উন্নয়ন আৰু ধৰ্মীয় অনুষ্ঠান বিভাগৰ শ্ৰী চোনাম লামা; ITDC ৰ অধ্যক্ষ শ্ৰী চম্বিত পাত্ৰ; কেন্দ্ৰীয় সমবায় বিভাগৰ সম্পাদক শ্ৰী জ্ঞানেশ কুমাৰ; ছিক্কিম চৰকাৰৰ মূখ্য সম্পাদক শ্ৰী ভি বি পাঠক; নেশ্যনেল ডেইৰী দেভেলপমেন্ট বৰ্ড (NDDB)ৰ অধ্যক্ষ শ্ৰী মিনেশ শ্বাহৰ লগতে আন আন সদস্য।

পূৰ্বোত্তৰ অঞ্চলৰ নেতৃত্বত থকা দুগ্ধ উৎপাদকাৰী আৰু বিভিন্ন ৰাজ্যিক দুগ্ধ সমবায় সমূহৰ প্ৰবন্ধ নিৰ্দেশক সকলো ইয়াত উপস্থিত থাকে।

You might also like