Your Voice, Our Strength

হাটথ্ৰবৰ ওপজা দিন: সংগীতৰ মায়াজালেৰে মুখৰিত যোৰহাট,জুবিন গাৰ্গক শুভেচ্ছাৰে উপচাই পেলালে অনুৰাগীয়ে

আজিৰ খৱৰ,১৮ নৱেম্বৰ,গুৱাহাটী ২০২২ : পঞ্চাশ বছৰীয়া হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।
যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হল জন্ম দিন । হাজাৰ হাজাৰ অনুৰাগীৰ শুভেচ্ছা। সংগীতৰ মায়াজালেৰে মুখৰিত যোৰহাটৰ মাজমজিয়া ।সদৌ অসম জুবিন গাৰ্গ ফেনচ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা জুবিন গাৰ্গ ফেনচ ক্লাবৰ সহযোগত আৰু জুবিন গাৰ্গৰ একাংশ ঘনিষ্ঠ বন্ধু তথা অনুৰাগীৰ সহায়ত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে।
আতক ধুনীয়াকৈ সজাই তোলা হৈছে বিশাল মঞ্চ ।১৯৯২ চনৰ পৰা বৰ্তমানলৈকে ৰিলিজ হোৱা জুবিন গাৰ্গৰ সকলো গীতৰ এলবামৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে । জেডিএছএ খেলপথাৰত ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মঞ্চ , জুবিন গাৰ্গৰ ১১৮ ফুট উচ্চতাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰা হৈছে । এই সুউচ্চ কাটআউটৰ সন্মুখত ৰৈ বহুজনে তুলিছে ছেলফি। জনপ্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটো সৃষ্টিৰ দিন বুলি ইতিমধ্যে ঘোষণা কৰিছে অনুৰাগী সকলে ।

You might also like