Your Voice, Our Strength

চেণ্ট জুডছ ইণ্ডিয়াৰ প্ৰশংসনীয় কাম: সম্পূৰ্ণ বিনামূলীয়াকৈ কেন্সাৰ আক্ৰান্ত শিশুক চিকিস্যা আৰু শুশ্ৰুষা আগবঢ়াইছে এই সংস্থাই কেনেদৰে যোগাযোগ কৰিব ,পঢ়ক সবিশেষ..

 

 

আজিৰ খবৰ,গুৱাহাটী, ২২ নৱেম্বৰ ঃ অসমকে ধৰি উত্তৰ-পূবত কেন্সাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈ এই মাৰাত্মক ৰোগত বছৰি বহু লোক আক্ৰান্ত হৈছে৷ উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে অসমতো এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ এনেক্ষেত্ৰত এক বেচৰকাৰী সংস্থা চেণ্ট জুডছ ইণ্ডিয়াই গুৱাহাটীত শিশু শুশ্ৰূষা কেন্দ্ৰ স্থাপনেৰে প্ৰশংসনীয়মূলক কাৰ্যত নামি পৰিছে৷ তেওঁলোকে কেন্সাৰ আক্ৰান্ত শিশুসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ দৰে এক গুৰুত্বপূৰ্ণ কাৰ্য যোৱা চাৰিটা বছৰে ৰাজ্যত কৰি আহিছে৷ প্ৰচাৰ বিমুখভাৱে এই সংস্থাটোৱে এনে কাৰ্য কৰি আহিছে৷ তেওঁলোকে কেৱল কেন্সাৰ আক্ৰান্ত শিশুসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাই নহয়, তেওঁলোকক থকা-খোৱাৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সমীপতে থকা তেওঁলোকৰ কেন্দ্ৰত কেন্সাৰ আক্ৰান্ত শিশুসকলক থকা-খোৱাৰ সুব্যৱস্থা কৰি আহিছে৷ ইমানেই নহয়, শিশুসকলৰ পিতৃ-মাতৃসকলৰ বাবেও থকা-খোৱাৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ কেন্দ্ৰত৷ উত্তৰ-পূবৰ ভিতৰত গুৱাহাটীতেই থকা একমাত্ৰ কেন্দ্ৰটোত অসমৰ লগতে মণিপুৰ, নাগালেণ্ডকে ধৰি আন ৰাজ্যৰ শিশুসকলেও চিকিৎসাৰ সুব্যৱস্থা লাভ কৰি আহিছে৷ আজি তেওঁলোকৰ কেন্দ্ৰত আয়োজিত এখন সংবাদমেলত চেণ্ট জুডছ ইণ্ডিয়াৰ অধ্যক্ষ গাৰ্গী মাশ্ৰুৱালাই কয় যে ২০১৮ ত গুৱাহাটীত এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল৷ কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ শিশুসকলক উন্নত যত্নৰ প্ৰয়োজন৷ সেই যত্ন আগবঢ়োৱাৰ লক্ষ্য-উদ্দেশ্য আগত লৈ কেন্দ্ৰটো গুৱাহাটীত স্থাপন কৰা হৈছিল৷ গুৱাহাটীত দুটা কেন্দ্ৰ আছে৷ এই দুয়োটা কেন্দ্ৰত ২৪ গৰাকী কেন্সাৰ ৰোগত আক্ৰান্ত শিশুৰ পৰিয়ালে বিনা খৰচতে থকা-খোৱাৰ উপৰিও চিকিৎসা সেৱা লাভ কৰি আহিছে৷ ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত চিকিৎসাধীন শিশুসকল এই কেন্দ্ৰত থকাৰ সুব্যৱস্থা কৰি দিয়া হৈছে৷ উত্তৰ-পূবৰ সমগ্ৰ ৰাজ্যৰ পৰা অহা শিশুসকলক পৰিয়ালবৰ্গৰ সৈতে সকলো ধৰণৰ যত্ন প্ৰদান কৰি অহা হৈছে৷ ২০০৬ চনত গঠন হোৱা এই স্বেচ্চাসেৱী সংস্থাটোৱে টাটা মেম’ৰিয়েল হাস্পতাল, দিল্লীৰ এইমছ, টাটা মেম’ৰিয়েল চেণ্টাৰ, কলকাতা, ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটী আৰু অন্যান্য চিকিৎসকৰ লগত যোগাযোগ আছে৷ দেশৰ জ্ঝ খন মহানগৰত এই সেৱা আগবঢ়াই আহিছে৷ মুম্বাইত জন্ম লাভ কৰা এই সংস্থাটোৱে এতিয়া কলকাতা, হাইদৰাবাদ, জয়পুৰ, ভেলোৰ, চেন্নাই, গুৱহাটী, দিল্লী আৰু বাৰাণসীত এনে সেৱা আগবঢ়াই আহিছে৷ এই কেন্দ্ৰত শিশুসকলৰ চিকিৎসাৰ সকলো যত্ন লোৱাৰ উপৰিও তেওঁলোকক কাৰিকৰী শিক্ষাও প্ৰদান কৰি অহা হৈছে৷ এতিয়ালৈ গুৱাহাটী মহানগৰীত এই কেন্দ্ৰত ৪৫০ জনে চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছে৷ ব্যক্তিগতভাৱে ১১১ টা শিশুৱে গুৱাহাটীৰ এই কেন্দ্ৰত পঞ্জীয়ন কৰিছে৷ কেন্সাৰত আক্ৰান্ত শিশুসকলৰ বয়স ১৫ বছৰৰ ভিতৰত৷ এইসকল শিশুৰ ভৱিষ্যতৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰি অহা হৈছে৷ ইতিমধ্যে বহু কেন্সাৰ আক্ৰান্ত শিশু সুস্থ হৈছে বুলি উল্লেখ কৰি কয় যে সমগ্ৰ দেশত তেওঁলোকৰ কেন্দ্ৰত ৩১,০০০ জনে পঞ্জীয়ন কৰিছে আৰু ব্যক্তিগতভাৱে ৫০০০ জনে সেৱা লাভ কৰিছে৷ আগন্তুক সময়ছোৱাত তেওঁলোকৰ কেন্দ্ৰ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য ৰাখিছে৷ ৰাইজৰ সহায়-সহযোগো বিচাৰিছে৷ ২০১৮ চনতেই গুৱাহাটীত কেন্সাৰ আক্ৰান্ত শিশুৰ বাবে বিনামূলীয়া সেৱা আৰম্ভ কৰি প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰি এই বেচৰকাৰী সংস্থাটোৰ টীম লীডাৰ বিশাল জৈনে কয় যে কেন্সাৰ আক্ৰান্ত শিশুসকলৰ যত্ন লোৱাটোৱে তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ সেই লক্ষ্য-উদ্দেশ্য আগত লৈয়ে কাম কৰি যোৱা হৈছে৷ আজিৰ সংবাদমেলত উত্তৰ-পূব প্ৰমুখ ল’ৰি গৌৰ উপস্থিত থাকে৷
সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ হ’লে http:/www.st.judechild.org এই ৱেব চাইটত বিতং ভাৱে চাব পাৰিব লগতে 9769280961 (lory Guar)নম্বৰত যোগাযোগ কৰিব পাৰে ।

P&C
You might also like