Your Voice, Our Strength

খেতিৰ সময় । পথাৰত কেনেকৈ প্ৰয়োগ কৰিব পচন বা ৰাসায়নিক সাৰ ।

জুলাই মাহৰ কৃষি দিহা

আজিৰ খবৰ ৮ জুলাই : প্ৰতিবিঘা শালি খেতিৰ বাবে ১.৩৩ টন পচন সাৰ বা শুকান গোবৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত ১৮ কিলোগ্ৰাম ইউৰিয়া, ১৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ৯ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰৰ প্ৰয়োজন। তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত ৬ কিলোগ্ৰাম ইউৰিয়া, ৮ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰৰ অনুমোদন জনোৱ হৈছে। মাটিডৰাত শেষৰ বাৰ হাল বোৱাৰ সময়ত মুঠ অনুমোদিত ইউৰিয়া সাৰৰ আধা ভাগ আৰু সমুদায় একক চুপাৰ ফচফেট আৰু পটাচ সাৰ খিনি মাটিত প্ৰয়োগ কৰক। পানী ওলাই যাব নোৱাৰাকৈ পথাৰ খনৰ আলিবোৰ প্ৰয়োজন অনুসৰি নতুনকৈ দিয়ক অথবা মেৰামতি কৰক। মৰি যোৱা কঠীয়াবোৰৰ ঠাইত নতুনকৈ কঠীয়া ৰোৱক। পানীৰ অভাৱত যদিহে কঠীয়া ৰোৱাৰ সমস্যা হয়, তেন্তে উপযুক্ত বয়সত কঠীয়া বোৰ কঠীয়া তলীৰ পৰা তুলি আনি বোকা মাটিত প্ৰতিটো গোছাত ১৫ ডাল মানকৈ কঠীয়া ঘন ঘনকৈ ৰুই থওক। এনে কঠীয়া ২-৩ সপ্তাহ পাছলৈকে মূল পথাৰত ৰুব পৰা যায়। এনে কঠীয়াৰ সহন ক্ষমতা আৰু ইয়াৰ পৰা পোৱা উৎপাদন দুয়োটাই অধিক হয়। শালি ধানৰ খেতি ডৰা মজাখোৱা পোক, পিঁয়াজী পোক, সোহনী পোক আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কঠীয়াৰ শিপা অংশ ০.০২ শতাংশ ক্লোৰোপাইৰিফ’চ আৰু ১ শতাংশ ইউৰিয়া মিশ্ৰণত ৩ ঘণ্টা ডুবাই শোধন কৰি ল’বলৈ নাপাহৰিব। চৰহা পোকৰ আক্ৰমণক যথা সম্ভৱ বাধা দিবলৈ কঠীয়া ৰোৱাৰ আগেয়ে কঠীয়াৰ আগবোৰ কাটি দিয়ক। আহুধানৰ গাখীৰতী অৱস্থাত গান্ধী পোকে কৰা আক্ৰমণক বাধা দিবলৈ ৫ শতাংশ মালাথিয়ন গুড়ি ঔষধ প্ৰতি বিঘাত ৩ কিলোগ্ৰামকৈ চটিয়াই দিয়াৰ ব্যৱস্থা কৰক।

P&C
You might also like