Your Voice, Our Strength

সুঠাম যুৱক বিচাৰি ৮৫ বছৰীয়া আইতাই দিলে বিজ্ঞাপন

সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি

আজিৰ খবৰ,৯ জুলাই : প্রেমৰ যে কোনো বয়স নাই তাকে প্ৰমাণ কৰি দেখুৱাইছে আমেৰিকাৰ ৮৫ বছৰীয়া এগৰাকী আইতাই । ৮৫ বছৰীয়া এই গৰাকী বৃদ্ধা আইতাই বিচাৰিছে সুঠাম যুৱক । তাৰ বাবে দিছে আইতাই বিজ্ঞাপন । দুৰ্দান্ত প্ৰেমিকাৰ আইতাৰ প্ৰেম কাহিনীয়ে এতিয়া সংবাদ মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ৩৯ বছৰীয়া এগৰাকী সুঠাম যুৱকৰ সৈতে আইতাই কিছুদিন ধৰি যৌৱন উৰুৱাইছিল । কিন্তু নিউয়র্কৰ হেটি ৰেট্রোৱেজ নামৰ বৃদ্ধাগৰাকীৰ শেহতীয়াকৈ এই প্রেমিকৰ সৈতে সম্পর্কত ফাট মেলিছে৷ ৩৯ বছৰীয়া প্রেমিকৰ সৈতে সম্পর্কত বিচ্ছেদ ঘটাৰ পিছতে পুনৰ সুঠাম যুৱক বিচাৰি বাম্ব’ল এপত বিজ্ঞাপন দিছে আইতাগৰাকীয়ে৷ ৮৫ বছৰীয়া হেটিয়ে উল্লেখ কৰিছে যে প্রেমহীন জীৱন শুকান মৰুসদৃশ৷ প্ৰেম নহলে যে উকা পৃথিৱী । উল্লেখ্য যে ৪৮ বছৰ বয়সতে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল হেটিৰ৷ তেতিয়াৰে পৰা বহু তৰুণ আৰু যুৱকৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি আহিছিল বৃদ্ধা মহিলা গৰাকীৰ ৷ ২০১৮ চনৰ কথা । আমেৰিকাৰ চেনেল ফাইভৰ এজ গেপ লাভ শীর্ষক অনুষ্ঠানটোত প্রাক্তন প্রেমিকজনৰ সৈতে উপস্থিত হৈছিল হেটি৷ তেতিয়া হেটিয়ে উল্লেখ কৰিছিল যে জনৰ সৈতে সম্পর্ক যদি কেতিয়াবা নোহোৱা হয় তেন্তে তেওঁ নতুন প্রেমিকৰ সন্ধান কৰিব৷ বিচ্ছেদ হোৱাৰ পাছতেই নতুন প্ৰেম বিচাৰি দিলে বিজ্ঞাপন । ৮৫ বছৰীয়া হেটিৰ কাহিনীয়ে এতিয়া আমেৰিকাৰ সংবাদ মাধ্যমৰ লগতে সৃষ্টি কৰিছে ছচিয়েল মাধ্যমটো আলোড়ন ।

P&C
You might also like