আছে নেকি আপোনাৰ খালী অক্সিজেনৰ চিলিণ্ডাৰ? বচাব পাৰে কাৰোবাৰ প্ৰাণ…

দেশৰ ভিন্ন প্ৰান্তত অক্সিজেনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ আগশাৰীৰ চিকিতসালয় স্বাগত হস্পাতালে ব্যক্তিগতভাৱে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। শেহতীয়াকৈ চিকিতসালয়খনে অক্সিজেন সংগ্ৰহ কৰি ৰাখিবৰ বাবে আৰম্ভ কৰিছে এক অভিযান।

এই অভিযানৰ বাবে চিকিতসালয়খনে বিচাৰিছে বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানত এনেয়ে থকা খালী অক্সিজেনৰ চিলিণ্ডাৰ। এই খালী চিলিণ্ডাৰ উচিত মূল্যত ক্ৰয় কৰিবলৈও সাজু আছে চিকিতসালয়খন। এই ক্ষেত্ৰত চিকিতসালয়খনে আহ্বান কৰিছে যে, কোৰোনাকেন্দ্ৰিক এই পৰিস্থিতিত অক্সিজেনৰ নাটনি প্ৰধান সমস্যা হিচাপে দেখা দিছে।

বহুসময়ত খালী চিলিণ্ডাৰ নথকাৰ বাবে পৰ্যাপ্ত অক্সিজেন বিভিন্ন হস্পাতালে মজুত কৰিব ৰাখিব পৰা নাই। গতিকে এতিয়া কাৰোবোৰ ওচৰত এনেয়ে থকা খালী চিলিণ্ডাৰেও কাৰোবাৰ জীৱন বচাব পাৰে। এই ক্ষেত্ৰত যোগাযোগ কৰিবলৈ হস্পাতালখনে মুকলি কৰিছে দুটাকৈ নম্বৰ।

সেই নম্বৰকেইটা হৈছে 9706582883 আৰু 9401726890। এই নম্বৰত যোগাযোগ কৰি কোনো লোক বা প্ৰতিষ্ঠানে জমা/বিক্ৰী কৰিব পাৰিব তেওঁলোকৰ ওচৰত থকা খালী অক্সিজেনৰ চিলিণ্ডাৰ।

Comments (0)
Add Comment