কোন হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ পৰবৰ্তী সভাপতি ?

২০২৬চনত মুখ্যমন্ত্ৰীৰ লক্ষ্য ৰকিবুল হুছেইনৰ..
  1. আজিৰ খবৰ ,গুৱাহাটী,১৫ জুন:ৰিপুন বৰাৰ পদত্যাগৰ পিছত কোনে লাভ কৰিব কংগ্ৰেছৰ সভাপতি ? কোনজন হাইপ্ৰফাইল নেতা হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ? যাক লৈ এতিয়া কংগ্ৰেছৰ কেইবাজনো হাইপ্ৰফাইল নেতাই সভাপতি পদক লৈ কৰিছে টনাআঁজুৰা ।উত্থাপিত হৈছে বহু কেইজন হাইপ্ৰফাইল নেতাৰ নাম । জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে সভাপতি পদটো লাভ কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছে যাতে দলটো সফল হ’লে তেওঁ ২০২৬ চনত মুখ্যমন্ত্ৰী পদৰ বাবে দাবী কৰিব পাৰে।”ভিতৰি ভিতৰি কংগ্ৰেছৰ এক মহলত এই কথা চৰ্চিত হৈছে বুলি ইতিমধ্যে সদৰি কৰিছে মৰিয়নি বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে । বহু কেইজন হাইপ্ৰফাইল নেতাই এই পদটোৰ বাবে সপোন দেখিছে যদিও কংগ্ৰেছ মহলত অধিক চৰ্চালৈ আহিছে প্ৰদ্যুত বৰদলৈ আৰু ভূপেন বৰাৰ নাম । নগাঁৱৰ লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু জ্যেষ্ঠ কংগ্ৰেছী ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি হিচাপে বাছনি কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি সদৰি কৰিছে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে কেন্দ্ৰীয় নেতৃত্বই আব্দুল খালেকক বিবেচনা নকৰে কিয়নো তেওঁ সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। সেয়েহে তেওঁলোকে হয়তো বাছনি কৰিবলৈ গৈ আছে প্ৰদ্যুত বৰদলৈ বা ভূপেন বৰাক ।
Comments (0)
Add Comment