বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।

এতিয়া কি হব বিকল্প?

আজিৰ খবৰ, গুৱাহাটী ,১৮ জুন : অৱশেষত অনিশ্চয়তা আৰু উৎকণ্ঠাৰ অন্ত পৰিল! বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । শুকুৰবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু কি হ’ব বিকল্প ? কেনেকৈ মূল্যাংকন কৰা হ’ব? শিক্ষামন্ত্ৰীয়ে জনাই যে, বিদ্যালয়ৰ নম্বৰৰ ভিত্তিত মূল্যাংকন কৰা হব ফলাফল ।৩১ জুলাইৰ ভিতৰত ঘোষণা কৰিব ফলাফল। তাৰ বাবে শনিবাৰে দুখন কমিটী গঠন কৰি দিব চৰকাৰে। কোৰোণা পৰিস্থিতিৰ বাবে জুলাই মাহলৈকে কোনো কাৰণতে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নহ’ব বুলি

আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় । আজিৰ বৈঠকত  শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে। ৰাজ্যৰ বৰ্তমানৰ কোভিড পৰিস্থিতিৰ বাবেই সকলোৰে সহমতত গ্ৰহণ কৰি বাতিল কৰা হয় ২০২১ বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।

Comments (0)
Add Comment