অৱশেষত মৃত্যুৰে হাৰ মানিলে ‘ফ্লাইং শিখ’ মিলখা সিঙে।

৯১ বছৰ বয়সত ক্ৰীড়াবিদগৰাকীৰ মৃত্যু হয়।

অৱশেষত মৃত্যুৰে হাৰ মানিলে ‘ফ্লাইং শিখ’ মিলখা সিঙে। শুকুৰবাৰে নিশা কোৰোণাজনিত সমস্যাত ভূগি শেষ নিশ্বাস ত্যাগ কৰে মিলখা সিঙে। ভাৰতৰ ক্ৰীড়া জগতক এক নতুন জীৱনদিয়া মিলখা সিঙে প্ৰায় এমাহ ধৰি কোৰোণা আৰু অন্য ৰোগৰ সৈতে যুঁজি আছিল।

কৰ’নাই কাঢ়ি নিলে কিংবদন্তী দৌৰবিদ মিলখা সিঙক।৯১ বছৰ বয়সত ক্ৰীড়াবিদগৰাকীৰ মৃত্যু হয়।শুকুৰবাৰে নিশা ১১.৩০বজাত মৃত্যু হয় মিলখা সিঙৰ।ক’ভিডোত্তৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।মাত্ৰ ৫দিন পূৰ্বে ক’ভিডোত্তৰ জটিলতাত তেওঁৰ পত্নীৰো মৃত্যু হৈছিল।

মিলখা সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিলখা সিঙে এনাগত দিনত ভাৰতৰ উদীয়মান খেলুৱৈসকলৰ বাবে অনুপ্ৰেৰণাৰ মহান উৎস হৈ ৰ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

Comments (0)
Add Comment