কৰ্ম আৰু অনুপ্ৰেৰণাৰ অন্য এক নাম নুৰুল ইছলাম।

কুকুৰা পালনেৰে স্বাৱলম্বী কাৰাইখাইতি গাঁওৰ এজন যুৱক।

কুকুৰা পালনেৰে স্বাৱলম্বী কাৰাইখাইতি গাঁওৰ এজন যুৱক।

কুকুৰা পালনেৰে স্বাৱলম্বী এজন যুৱক। কৰ্ম আৰু অনুপ্ৰেৰণাৰ অন্য এক নাম নুৰুল ইছলাম।

যুৱকজন এতিয়া হৈ পৰিছে আন দহজনৰ বাবে আদৰ্শ।

একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহ কেনেকৈ স্বাৱলম্বী হব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যুৱকজনে।

যি সময়ত অসমৰ শ শ নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিছে। ঠিক সেই সময়ত বৰপেটা জিলাৰ কাৰাইখাইতি গাৱৰ এই গৰাকী যুৱকে কুকুৰা পালনেৰে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম।

যুৱকজনে নিজৰ ঘৰখনতেই গঢ়ি তুলিছে কুকুৰা পালনৰ সুন্দৰ ফাৰ্ম।

যুৱকজনৰ এনে কৰ্মই অনুপ্ৰাণিত কৰিব কৰ্মসংস্থাপন বিচাৰি ফুৰা নিৱনুৱা যুৱক-যুৱতী সকলক।

নগৰবেৰাৰ পৰা ভিডিঅ জাৰ্নেলিষ্ট আবু মুতালেপৰ সহযোগত ৰফিকুল ইছলামৰ ৰিপৰ্ট আজিৰ খবৰ ।

Comments (0)
Add Comment