বিদ্যালয়ৰ সন্মুখত কিয় আঁঠু লৈ সেৱা কৰিলে শিক্ষামন্ত্ৰীয়ে

ক'ত কিয় আঁঠু ল'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে.....

আজিৰ খবৰ,২০ জুন : HSLC আৰু HS পৰীক্ষা বাতিল হ’ল। এতিয়া কি দৰে কৰিব ছাত্ৰ ছাত্ৰীৰ মূল্যাংকন? চৰকাৰে গঠন কৰি দিলে দুখন কমিটী। ইফালে নপতা পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত দিয়াৰ সিদ্ধান্ত । তাৰ মাজতে এখন বিদ্যালয়ত আঁঠু লৈ সেৱা কৰিলে শিক্ষামন্ত্ৰীয়ে । ৪৩ বছৰৰ পিছত নিজে পঢ়া বিদ্যালয়ত উপস্থিত হ’ল শিক্ষামন্ত্ৰী ৰণোজ পেগু। সেৱা কৰি প্ৰৱেশ কৰিলে বিদ্যালয়ৰ চৌহদত। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু কেইবাটাও দশকৰ পিছত উপস্থিত হ’ল যোৰহাটৰ তেওঁ পঢ়ি যোৱা শংকৰদেৱ চেমিনাৰী বিদ্যালয়খনত। বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰা মন্ত্ৰীগৰাকীয় । যোৰহাটৰ শংকৰদেৱ চেমিনাৰীৰ পৰা ১৯৭৮ চনত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৰণোজ পেগু। বিদ্যালয়খনত উপস্থিত হৈ তেওঁ  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ মূল প্ৰমাণ পত্ৰখন সংগ্ৰহ কৰাৰ লগতে বিদ্যালয়খনৰ অভাৱ অভিযোগৰ বুজ লয় । কেইবাটাও দশকৰ পিছত উপস্থিত হৈ শিক্ষমন্ত্ৰীয়ে আবেগিক হৈ কয় ১৯৭৮ চনত এই বিদ্যালয়ৰ পৰাই মই প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ জে বি কলেজত নামভৰ্তি কৰিছিলো। পঢ়ি থকা সময়ৰ বহু স্মৃতি ৰোমন্থন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰখন সংগ্ৰহ কৰে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা। অসমৰ শতবৰ্ষ আৰু পঞ্চাশ বছৰ অতিক্ৰম কৰা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

Comments (0)
Add Comment