আজিৰ খবৰ,২২জুন: চলিত বর্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত নিযুক্তি লাভ কৰা শিক্ষকৰ দৰমহা মুকলি কৰি দিয়াৰ সন্দৰ্ভত সোমবাৰে লখিমপুৰ আৱৰ্ত ভৱনত বিয়লি চাৰি বজাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা দেৱক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত শিক্ষয়িত্রী মাখনী নাথে সাক্ষাৎ কৰে বুলি সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিছে । উল্লেখ্য যে নিযুক্তি লাভ কৰা কেইবাটাও মাহ অতিক্রম কৰিলে যদিও ৰাজ্যৰ মুষ্টিমেয় কেইজনমান শিক্ষকে দুই তিনি মাহৰ দৰমহা লাভ কৰিছে যদিও নিয়মীয়াকৈ বেতন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰোপৰি বহু সংখ্যক শিক্ষক এটা মাহৰো দৰমহা লাভ কৰা নাই ।নিযুক্তি লাভ কৰাৰ পাচতেই ৰাজ্যৰ বিভিন্ন জিলাত বহু কেইজন শিক্ষকে অৱসৰ গ্রহণ কৰিছে অবসৰকালীন কোনো ধৰণৰ সুবিধা লাভ কৰা নাই বুলি জানিব পৰা গৈছে । মনকৰিবলগীয়া বিষয় যে নিযুক্তি প্রদান কৰি দুই-এক মাহৰ দৰমহা দিয়াৰ পাছত একাংশ শিক্ষকক পুনৰ দৰমহা বন্ধ কৰি নথি পত্র পৰীক্ষা তথা বিসংগতি দূৰ কৰিবৰ বাবে শিক্ষা বিভাগে নিৰ্দেশনা প্ৰেৰণ কৰিছে । দীর্ঘদীন বিৰতিৰ অন্তত শিক্ষক সকলৰ সমস্যাৰাজি সমাধান হৈছে বুলি এক স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও পুনৰ দৰমহা বন্ধ হোৱাত শিক্ষক সকল এক প্ৰকাৰ মানসিক অন্তদন্দত ভোগা দেখা গৈছে । এই সমূহ সমস্যা সমাধান কৰাৰ বাবে যোৱা কালি লখিমপুৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্তই এখন স্মাৰক পত্র প্ৰদান কৰে । স্মাৰক পত্র গ্রহণ কৰি মুখ্যমন্ত্রী গৰাকীয়ে ৩০ জানুৱাৰীত নিযুক্তি গ্রহণ কৰা সকলো শিক্ষককে দৰমহা আদায় দিয়া হ’ব বুলি আশ্বাস দিয়াৰ লগতে স্থানীয় বিধায়ক প্ৰদান বৰুৱাক বিভাগীয় বিষয়াৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবৰ বাবে মৌখিক নিৰ্দেশনা দিছে । ইয়াৰোপৰি লখিমপুৰ, ধেমাজি, শিৱসাগৰ জিলাৰ যোগ্যতা সম্পন্ন বহু শিক্ষকে বৰ্তমানেও নিযুক্তি পত্ৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে । কেৱলমাত্ৰ শিৱসাগৰ জিলাতে প্ৰায় ১২০ গৰাকী শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে । উল্লেখ্য যে নিযুক্তিৰ পূর্বে প্ৰায় দুটা বছৰ পূর্বে মাণ্ডলিক আয়ুক্ত পৰ্যায়ৰ উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে দুবাৰকৈ তদন্ত কৰাৰ অন্তত যি প্ৰতিবেদন প্ৰস্তুত হৈছিল সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিযুক্তি প্রদান কৰা হৈছিল । উচ্চ পৰ্যায়ৰ তদন্তৰ পাছতো ৰাজ্যৰ বিভিন্ন জিলাৰ যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হোৱা বিষয়টো অতি দুৰ্ভাগ্যজনক । তাৰোপৰি শিক্ষা বিভাগে দুটা মাহৰ দৰমহা দিয়াৰ পাছত পুনৰ দৰমহা বন্ধ কৰি নথি পত্র পৰীক্ষা কৰা বিষয়টো সহজভাৱে লব পৰা নাই দুৰ্ভগীয়া শিক্ষক সকলে । সম্পূৰ্ণ শুদ্ধ ভাৱে নিযুক্তি লাভ কৰা শিক্ষকক দৰমহা বন্ধ কৰি পুনৰ নথি পত্র পৰীক্ষা কৰিবলৈ লোৱা বিষয় সমূহে চৰকাৰী বিষয়া সকলৰ কৰ্ম সংস্কৃতিৰ ফোঁপোলা স্বৰূপ দাঙি ধৰিছে বুলি সচেতন শৈক্ষিক সমাজৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।