ভূৰাগাৱঁত গাঞ্জাসহ আটক ৬ জনকৈ গাঞ্জা সৰবৰাহকাৰী

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে অসম পুলিচৰ তীব্ৰ অভিযান।

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে অসম পুলিচৰ তীব্ৰ অভিযান।অসম পুলিচৰ অভিযানত নিতৌ ধৰা পৰিছে ড্ৰাগছ, গাঞ্জাৰ লগত জড়িত থকা বহু দুষ্টচক্ৰ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ভূৰাগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ গাঞ্জাৰ বিৰুদ্ধে অভিযান।ভূৰাগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় ৬ জনকৈ গাঞ্জা সৰবৰাহকাৰী। গোপন সূত্ৰৰ পম খেদি ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ শইকীয়াই অভিযান চলাই ভূৰাগাঁৱৰ ৰজাবাৰীৰ পৰা ১কেজি ৪০০ গ্ৰাম গাঞ্জাসহ ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা লোক কেইজন ক্ৰমে প্ৰফুল্ল মণ্ডল,সুচিত্ৰ মণ্ডল,পুলেন বিশ্বাস,মানিক চৌহান,স্বৰত মণ্ডল,অলক মণ্ডল। ভূৰাগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি লোক কেইজনক আজি জেল হাজতলৈ প্ৰেৰণ কৰে ।

 

Comments (0)
Add Comment