হায়াত চুপাৰ ইছপিয়েলিটি হস্পিতালৰ মহানুভৱতা

শিল্পী অৰুণ দাসক পত্নীসহ বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা হায়াত চুপাৰ ইছপিয়েলিটি হস্পিতালৰ।

আজিৰ খবৰ, গুৱাহাটী, ২৪ জুন : ‘তুমি জানো জানা মোৰ সোন’, “নালাগে মৰম নকৰিবা চলনা”  আদিৰ দৰে বহু জনপ্ৰিয় অসমীয়া গীতৰ শিল্পী অৰুণ দাস সম্প্ৰতি অসুস্থ। যোৱা মাহত  কোভিড আক্ৰান্ত হৈছিল যদিও বৰ্তমান কোভিড মুক্ত। কিন্তু বৰ্তমান তেওঁৰ দুর্বল আৰু দুই এটা বেমাৰত আক্রান্ত। আজি গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় হায়াত চুপাৰ ইছপিয়েলিটি হস্পিতালত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। হস্পিতাল খনৰ জেষ্ঠ্য চিকিৎসক ডাঃ কিশোৰ তালুকদাৰৰ তত্বাৱধানত  সংগীত শিল্পী অৰুণ দাসৰ চিকিৎসা তথা কেইবাটাও পৰীক্ষা কৰোৱা হয়।

“আমি শিল্পী সাংবাদিক আৰু অন্যান্য ৰাইজৰ বাবে সেৱা আগবঢ়াই শান্তি পাওঁ, শিপ্লী গৰাকী আমাৰ সন্মানৰ আৰু মৰমৰ, তেওঁ কোভিড হৈ অলপ  অসুস্থ আজি আমি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইবাটাও পৰীক্ষা কৰোঁ।”- বুলি হস্পিতাল কৰ্তৃপক্ষই জনাই। হস্পিতাল খনৰ চি.এছ. আৰ কোষৰ পৰা শিল্পী জনক  স্বাস্থ্য পৰীক্ষা কৰি তেজ, গ্লুকোজ, পাতিছিয়াম, চডিয়াম, এম আৰ আই, এল এফ টি, ই চি জি আদি বিনামূলীয়াকৈ পৰীক্ষা কৰোৱা হয়। উল্লেখযোগ্য যে শিল্পী গৰাকীৰ পত্নীৰো হস্পিতালৰ ফালৰ পৰা  এটা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় লগতে ঔষধ প্ৰদান কৰা হয়।

Comments (0)
Add Comment