ডাইনী- কু-সংস্কাৰ বিৰোধী নেত্ৰী বীৰুবালা ৰাভা চিকিৎসাধীন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন বীৰুবালা ৰাভা

আজিৰ খবৰ,২৭ জুন: ডাইনী, অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে সততে মাত মাতি অহা নেত্ৰী বীৰুবালা ৰাভা বৰ্তমান ভিন ভিন ৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে। আপোচবিহীন নেত্ৰী বীৰুবালা ৰাভাক ২০২১চনত ভাৰত চৰকাৰে “পদ্মশ্রী” সন্মান, ২০১৫চনত উপেন্দ্র নাথ ব্ৰহ্ম ছলিডাৰ অব্ ইমিউনিটী বঁটা প্ৰদান কৰা হৈছিল। ২০০৫ চনত শান্তিৰ নোবেল বঁটাৰ বাবেও মনোনীত হৈছিল ৰাভা। গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুভিলা গাৱঁৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়ালৈকে যোৱ বীৰুবালা ৰাভা বৰ্তমান অসুস্থ হোৱাত চিন্তিত হৈ পৰিছে ভিন ভিন দল-সংগঠন। এক বাৰ্তাত ৰাজ্যৰ সমন্বয়-সংহতি-ঐক্যতাৰ অন্যতম সাহিত্য সংগঠন “বহুবাক” ( সাহিত্য মঞ্চ,অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “ঈশ্বৰে বীৰুবালা ৰাভা বাইদেউক অতি সোনকালে সুষ্ঠ-সবল কৰি তোলক। কত শত মানুহক সাহস দিয়া, সুপ্ৰতিভ দৃষ্টিৰে মানুহৰ জীৱন ৰক্ষা কৰা ৰাভা বাইদেউ সোনকালে সুষ্ঠ হৈ উঠিব। আমি আশাবাদী, দৃঢ় বিশ্বাস আছে।” এইগৰাকী মহান মানৱতাবাদী, কু-সংস্কাৰ বিৰোধী বিদূষী বীৰুবালা ৰাভাৰ আশু-আৰোগ্য কামনা কৰে নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে অতি সোনকালে সুষ্ঠ হোৱাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

 

 

Comments (0)
Add Comment