বিধায়ক ভবেশ কলিতাক বিজেপিৰ গুৰুদায়িত্ব

নিযুক্তি ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

আজিৰ খবৰ,২৭ জুন : বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে বিজেপিৰ সভাপতিৰ নাম। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক অৱশেষত ৰাজ্যিক বিজেপিক সভাপতি হিচাপে নিযুক্তি দিলে কেন্দ্ৰীয় নেতৃত্বই । উল্লেখ্য যে বিজেপিৰ প্ৰথম খন চৰকাৰত ভৱেশ কলিতা জলসিঞ্চন (স্বতন্ত্ৰ) মন্ত্ৰী আছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ভৱেশ কলিতাক অসম বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে। বিচাৰধাৰা পৰিবাৰৰ পৰা অহা ভৱেশ কলিতাই লাভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব । ভাৰতীয় জনতা পাৰ্টিৰ, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিৰ পদৰ দৰে এক দায়িত্বশীল পদ অৰ্পণ কৰাত ৰাষ্ট্ৰীয় সভাপতি মাননীয় জে পি নাড্ডাৰ লগতে সমূহ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনাইছে ভৱেশ কলিতাই ।তেওঁ কয় আস্থা আৰু বিশ্বাসেৰে দলে যি গুৰুদায়িত্ব ন্যস্ত কৰিছে তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ওচৰত কৃতজ্ঞ হৈ ৰ’ম। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত যৎপৰোনাস্তি চেষ্টা কৰিম বুলি কোৱাৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্ব, দলীয় কাৰ্যকর্তা আৰু অসমবাসী ৰাইজৰ সহায়-সহযোগ আৰু দিহা-পৰামৰ্শক আশা কৰিছে ৰাজ্যিক বিজেপিৰ নতুন নতুন সভাপতি ভাবেশ কলিতাই । ইফালে সংগঠন সকলো স্তৰত শক্তিশালী ভাবে গঢ়ি তোলাত ভাবেশ কলিতা সফল হ’ব বুলি মন্তব্য কৰি

উষ্ম অভিনন্দন জ্ঞাপন কৰিছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ।

Comments (0)
Add Comment