১২খন ৰাজ্যত আজিৰে পৰা শুভাৰম্ভ হৈছে শিশু ভেকচিন প্ৰদান প্ৰক্ৰিয়া

৫ বছৰৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন প্ৰদান কাৰ্যসূচী

আজিৰ খবৰ,৩০ জুন: কৰ’নাৰ দ্বিতীয়টো ঢৌৱে শেহতীয়াকৈ শিশুক আক্রান্ত কৰা ঘটনাই সকলোকে চিন্তনীয় কৰি তোলাৰ সময়তে অসমকে ধৰি দেশৰ ১২খন ৰাজ্যত আজিৰে পৰা শুভাৰম্ভ হৈছে শিশুৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। অসমতো এই প্ৰক্ৰিয়া আজি শুভাৰম্ভ কৰা হয় । খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৫ বছৰৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযােগ্য যে, ‘Pneumococcal Conjugate Vaccine’ চমুকৈ ‘PCV’ নামৰ এই ভেকচিন ৫ বছৰৰ তলৰ শিশুসকলক প্ৰদান কৰা হ’ব।এই ভেকচিন শিশুসকলক নিম’নিয়াৰ দৰে ৰোগৰ পৰা ৰক্ষা পাবলৈ দিয়া হ’ব। ক’ভিড সংক্ৰমণৰ এই সময়ছোৱাত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হ’ব এই ভেকচিন।

Comments (0)
Add Comment