টোপনি মৰাৰ আগত এইকেইটা কথা মনত ৰাখিব

পুৱা ৩ বজাৰ পৰা ৪ বজাৰ সময়চোৱা অতি ভয়ানক কিয়?

আজিৰ খবৰ,১জুলাই : আপুনি কিয় টোপনি মাৰে ? আজিলৈকে বৈজ্ঞানিক সকলে এই কথাটো উদ্ভাৱন কৰিব পৰা নাই যে- মানুহে কিয় টোপনি মাৰে।
• মানুহে নিজৰ জীৱনৰ তিনিভাগৰ এভাগ সময়, অৰ্থাৎ গড় হিচাবে ২৫ বছৰ টোপনি মাৰিয়েই কটাই দিয়ে।
• টোপনিত থকা অৱস্থাত যদি আপোনাৰ মগজুটোৰ এনে ভাব হয়- ‘এতিয়া আৰু কোনো ফালৰ পৰা একো বিপদ অহাৰ সুবিধা নাই’- তেতিয়া মগজুটোৱে সেই শব্দবোৰক নিজৰ পৰা বাহিৰ কৰি উলিয়াই দিয়ে, যিবোৰ ওচৰ-পাঁজৰৰ পৰা অহা শব্দই আপোনাৰ টোপনি ভংগ কৰাৰ সুযোগ আছিল।
• Alarm ৰ শব্দ শুনাৰ কিছু সময়ৰ আগতেই যদি আপোনাৰ টোপনি ভাঙি যায়- তাক ‘Circadian Rhythm’ বুলি কয়।
• কেতিয়াবা- কেতিয়াবা টোপনি আহিবলৈ চেষ্টা কৰি থকাৰ সময়ত কোঠাৰ ঘড়ীটোৰ ‘টিক-টিক’ শব্দই আপোনাৰ খংটো বৰকৈ বঢ়াই দিয়ে।
• গান্ধীজীয়ে নিজৰ ইচ্ছানুসৰি টোপনি যাব বা টোপনিৰ পৰা সাৰ পাব পাৰিছিল। তেখেতৰ বাবে গভীৰ টোপনিত পৰিবলৈ পাঁচ মিনিট সময়েই যথেষ্ঠ আছিল।
• পুৱা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ শৰীৰৰ অৱস্থা আটাইতকৈ বেচি দুৰ্বল হৈ থাকে। এইটো কাৰণতেই বহু মানুহৰ মৃত্যু এই সময়টোৰ মাজত টোপনিতে হয়।
• টোপনিত থকা সময়ত হাঁচি মৰাতো অসম্ভৱ কথা।
• আমি আহাৰৰ অবিহনে ২ মাহ পৰ্যন্ত জীয়াই থাকিব পৰাকৈ সক্ষম; কিন্তু টোপনিৰ অবিহনে কেৱল ১১ দিন পৰ্যন্তহে জীয়াই থাকিব পৰিম।
• জাপানত চাকৰিয়াল সকলে যদি কাম কৰোতে কৰোতে টোপনিত লালকাল দি পৰে- সেই কথাটোৰ আইনী বৈধ্যতা আছে; কিয়নো তাক মানুহজনে অধিক কঠোৰ শ্ৰম কৰাৰ পিচত ভাগৰি পৰিছে বুলি ধৰা হয়।
• Dysania- হল এনে এক অৱস্থা, যি সকলৰ পুৱা বিচনাৰ পৰা উঠা কামটোক অতি কঠিন কাম যেন অনুভৱ হয়।
• মেকুৰী বিলাকে জীৱন কালৰ 70% সময় কেৱল টোপনি মাৰোতেই পাৰ কৰি দিয়ে।
• ঘোঁৰাই থিয় হৈ আৰু শহাপশুয়ে চকু মেলি টোপনি মাৰে।
• ১৮৪৯ চনত David Atchison নামৰ ব্যক্তিজনে মাত্ৰ এদিনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল আৰু সেইদিনা তেওঁ বেচিভাগ সময় কেৱল টোপনি মাৰিয়েই পাৰ কৰি দিছিল।
• টিভি চোৱাতকৈ টোপনিত মানুহৰ বেচি কেলৰি খৰচ হয়।
• আমেৰিকা যুক্তৰাষ্ট্ৰৰ 8% ব্যক্তিয়ে নগ্ন হৈ শুয়ে।
• নিশা ২ টা আৰু দুপৰীয়া ২ বজাত মানুহে আটাইতকৈ বেচি ভাগৰ অনুভৱ কৰে। সেয়ে সেইখিনি সময়ত মানুহক টোপনিয়ে বৰকৈ হেঁচা মাৰি ধৰে।
• যি সকল ব্যক্তিয়ে বেচিকৈ নুশুৱে তেওঁলোকৰ শৰীৰত hormonesৰ স্তৰ বৰ ক্ষীপ্ৰ গতিত কমি যায়।
• আটাইতকৈ বেচি সময় অনিদ্ৰাৰে থকাৰ ৰেকৰ্ড ১৯৬৪ চনত প্ৰতিষ্ঠা হয়। যিদিনা 17 বছৰ বয়সীয়া ৰাণ্ডি গাৰ্ডনাৰে ২৬৪ ঘন্টা ১২ মিনিট সময় ধৰি অনিদ্ৰাৰে থাকি বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছিল।
• যদি আপুনি কিবা এটা ভাল লগা সপোন দেখি থকাৰ পিচত, সি সম্পূৰ্ণ হোৱাৰ আগতেই হঠাৎ টোপনিৰ পৰা সাৰ পাই যায়- তেনে ক্ষেত্ৰত পুনৰ সপোনটো দেখা পাব বিচাৰিলে খুব সোনকালে সম্পূৰ্ণ চিধা হৈ, চকু বন্ধ কৰি শুই যোৱা উচিত। এই উপায় হয়তো সদায় কামত নাহিবও পাৰে, কিন্তু এনে কৰিলে আপুনি আন এটা হলেও যে ভাল সপোন দেখা পাব সি খাটাং।
• বিশ্বৰ ভিতৰত মানুহেই এনে এটা জীৱ যি নিজৰ ইচ্ছানুসৰি টোপনি মাৰিব পাৰে।
• টোপনিত নিশাহ লোৱাৰ সময়ত আমাৰ শৰীৰৰ ওজন ৪৫০ গ্ৰাম কমি যায়।
• পূৰ্ণিমা যেতিয়া ফটফটীয়া হয়, মানুহৰ তেতিয়া কমকৈ টোপনি আহে। ইয়াৰ বাবে আপুনি পাৰিপাৰ্শ্বিক অৱস্থাটোক দায়ী কৰিব পাৰে।
• বিশ্বত যেতিয়া ৰঙীন টিভি আৱিষ্কাৰ হোৱা নাছিল তেতিয়া ৮০% মানুহৰ কিছুমান সপোনৰ ৰং ক’লা-বগাৰ ৰূপত আহিছিল।
• সপোন নেদেখা ব্যক্তি সকল আচলতে ‘Personality Disorders’ নামৰ এবিধ বেমাৰৰ চিকাৰ হয়।
• ডলফিন আৰু তিমি মাছৰ টোপনিত থকা অৱস্থাত আধা মগজু জাগ্ৰত অৱস্থাত থাকে- এইবাবেই যে সিহঁতে অক্সিজেন লবলৈ কেতিয়া পানীৰ ওপৰলৈ উঠি আহিব লাগিব তাৰ নিৰ্দ্দেশ মগজুয়ে সিহঁতক দিব পাৰে।
• বিশ্বৰ মুঠ জনসংখ্যাৰ ১৫% মানুহৰ টোপনিত খোজ কঢ়া বেমাৰ আছে আৰু ৫% মানুহৰ টোপনিত কথা-পতা বেমাৰ।
• বিবাহিত ব্যক্তি সকলৰ প্ৰতি ৪যোৰা দম্পতীৰ মাজৰ ১যোৰা দম্পতীয়ে নিশা বেলেগ বেলেগ বিচনাত শুৱে।
• মন প্ৰফুল্ল থাকিলে কম টোপনি মাৰিলেও কাম চলে।
• নিশা টোপনিত থাকোতে আমাৰ গোন্ধ লোৱাৰ ক্ষমতা হেৰাই যায়- সেয়ে আমি ঘৰত চৰ্ট-চাৰ্কিট হৈ কিবা জ্বলিবলৈ আৰম্ভ কৰিলেও তাৰ ধোঁৱা বা গেচ লিক হৈ থাকিলেও তাৰ গোন্ধ আমি নাপাওঁ। এইটো কাৰণতে মাজ নিশা অধিক ঘৰ জ্বলে।
• Bruxism- ৰ অৰ্থ হৈছে টোপনিত দাঁত কিটিৰ কিটিৰ কৰা।
• আপুনি যদি একেৰাহে ১৬ ঘন্টালৈকে জাগ্ৰত অৱস্থাত থাকে তেতিয়া আপোনাৰ মগজুটোৱে এনে এটা অৱস্থা যেন অনুভৱ কৰি থাকিব, যি অনুভৱ এজন মানুহৰ ৰক্তত ০.৫% এলকোহল মিহলি হোৱা অৱস্থাত হয়।
• টোপনি খতি হলে আপোনাৰ শৰীৰত লেপ্তিনৰ মাত্ৰা কম হৈ অহাৰ ফলত আপুনি আহাৰ বেচিকৈ খাবলৈ বিচাৰে।
• কেতিয়াবা-কেতিয়াবা অধিক উচ্চতাত থাকিলে মানুহৰ টোপনি নাহে।
• Sleep Apnea- মানুহৰ এনে এটা বেমাৰ- য’ত টোপনি গৈ থকা অৱস্থা উশাহ-নিশাহ কিছু সময়ৰ বাবে স্তব্ধ হৈ যায়। ফলত এনে ৰোগত আক্ৰান্ত ব্যক্তিয়ে শুবলৈ ভয় কৰে আৰু সদায় দুশ্চিন্তাত ভুগে।
• আপুনি প্ৰতি নিশা ৭ ঘন্টাতকৈ কম সময় টোপনি মাৰিলে কাহ-চৰ্দিৰ সম্ভাৱনা তিনিগুণ পৰ্যন্ত বৃদ্ধি পায়।
• টুপী পিন্ধি টোপনি মৰাতো অসম্ভৱ। টোপনি নাহে।
• ইন্টাৰনেটৰ লগত বহু সময় ধৰি লাগি থকা ব্যক্তি সকলৰ ভালকৈ টোপনি নাহে।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment