কিমান মিছা আছিল শাসকীয় পক্ষৰ অভিযোগ

অখিল গগৈৰ মুক্তিৰ ৰায়দানে জনসাধাৰণৰ বিশ্বাস দৃঢ় কৰিলে

আজিৰ খবৰ,১জুলাই : শাসকীয় পক্ষৰ অভিযোগ কিমান মিছা।।ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে অতি দূৰ্ভাগ্যজনক যে শাসকীয় পক্ষই বিৰোধীৰ প্ৰতিবাদ ৰোধ কৰিবলৈ কেনেদৰে অগণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰে তাৰ প্ৰমাণ আজি অখিল গগৈৰ ন্যায়িক মুক্তিৰ ৰায়দানে প্ৰমাণ কৰিলে । প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জনাই যে গুৱাহাটী ‘নিয়া’ আদলতে অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ ধৈৰ্য্য কোৱৰ, মানস কোৱৰ আৰু বিত্তু সোনোৱালক মুক্তি দিয়া ৰায়দানত স্পষ্ট ভাবে উল্লেখ কৰিছে যে তেওঁলোক কোনো সন্ত্ৰাসবাদী বা‌ ৰাষ্ট্ৰবিৰোধী অপৰাধত জৰিত নহয়। উল্লেখযোগ্য যে গগৈয়ে দিয়া বক্তৃতাক অধ্যয়ন কৰি আদলতে হিংসাৰ প্ৰতি উচতনি কৰাৰ কোনো তথ্য নাপালে বৰঞ্চ আদালতে কয় যে গগৈয়ে বাৰম্বাৰ শান্তিপূৰ্বক প্ৰতিবাদ কৰিবলৈহে জনসাধাৰণক আহ্বান জনাইছিল। অন্যহাতে কা” আন্দোলনৰ ক্ষেত্ৰত আদালতে মতামত দিয়ে যে প্ৰতিবাদ, বন্ধ ইত্যাদি সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰবিৰোধ বুলি কব নোৱাৰি। সেয়েহে আদালতে গগৈৰ বিৰুদ্ধে থকা সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰবিৰোধ অপৰাধ খাৰিজ কৰে। এই ৰায়দান অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো তদন্ত পৰ্যায়তে আদলতে শাসকীয় পক্ষই জাপি দিয়া অভিযোগ নাকচ কৰিলে আৰু গোচৰটোত trial ৰ প্ৰয়োজনে নহল।
শাসকীয় পক্ষৰ অভিযোগ কিমান মিছা সেয়া আজি
প্ৰমানিত হ’ল । অখিল গগৈ আৰু তেওঁৰ সতীৰ্থই ডেৰ বছৰৰ মূল্যৱান সময় কেতিয়াও ওভতাই নাপায় যদিও পলমকে হ’লেও, এই মুক্তিৰ ৰায়দানে ন্যায়িক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস দৃঢ় কৰাৰ উপৰিও শাসকীয় পক্ষলৈ ভূৱা গোচৰ জাপি বিৰোধী পক্ষৰ মুখ বন্ধ নকৰিবলৈ এটা স্পষ্ট সকীয়নি প্ৰক্ষেপ কৰিলে বুলি জ্যেষ্ঠ অধিবক্তা তথা ,
প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই মন্তব্য কৰে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment