জুলাই মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত কি খেতি কৰিব ?

আজিৰ খবৰ ১০ জুলাই :
জুলাই মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত তিল খেতিৰ বীজ সিঁচা সময়। তিলৰ মাধৱী, গৌৰী, বিনায়ক, এচ টি- ১৬৮৩ আদি অনুমোদিত জাতৰ বীজ সিঁচক।
শাওণীয়া মাটি মাহৰ বীজ (এচ বি- ১২১) জুলাইৰ মাজ ভাগৰ পৰা আগষ্ট মাহৰ মাজ ভাগলৈ সিঁচিব পাৰি। বিঘাই প্ৰতি ২.৭ কিলোগ্ৰামৰ পৰা ৩.০ কিলোগ্ৰামকৈ বীজ সিঁচক। যদি কুঁহিয়াৰৰ খেতি কৰিছে তেন্তে গুৰিত মাটি চপাই দিয়ক। ইয়াৰ ফলত গছবোৰে মাটিত ভালদৰে খোপনি লোৱাৰ লগতে কুঁহিয়াৰ তলীৰ অতিৰিক্ত পানী ভাগ ওলাই যোৱাৰ সুবিধা হ’ব। প্লাচি বোৰাৰ, ইনটাৰন’ড বোৰাৰ, মজাখোৱা পোক আদিয়ে আক্ৰমণ কৰিলে কুঁহিয়াৰৰ আগবোৰ শুকাই যায়। এনে আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাওক। এই পোক সমূহৰ আক্ৰমণৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ ট্ৰায়েয’ফচ নামৰ দৰৱ ৫ মিলি লিটাৰ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰক। নাৰিকলৰ নতুনকৈ ৰোৱা পুলিবোৰৰ গুৰিত পানী জমা হ’বলৈ নিদিব। ডাঙৰ গছবোৰৰ মুকুট অংশ পৰিষ্কাৰ কৰি ৰাখক।

Comments (0)
Add Comment