দুদিনৰ ভিতৰতে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ নিৰ্দেশ

ৰাইজে লকডাউন মানি চলিলে অহা ১০ দিনৰ ভিতৰত কভিড পৰিস্থিতি নিয়ন্ত্ৰলৈ অহাৰ আশা প্ৰকাশ

আজিৰ খবৰ, ১০ জুলাই : আজি অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন এক পৰ্যালোচনা সভাত কভিড সংক্ৰমণৰ কেন্দ্ৰলৈ পৰিণত হোৱা জিলাখনৰ অবৈধ সুৰাৰ ঘাটি সমূহ অহা দুদিনৰ ভিতৰত উচ্ছেদ কৰিবলৈ জিলাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ আজি আনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে শোনিতপুৰ জিলাৰ সামগ্ৰিক কভিড পৰিস্থিতিৰ বুজ লয় ৷

উল্লেখ্য যে, বিগত কিছু দিন ধৰি জিলাখনত বাঢ়ি অহা কভিড ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কৰা এক বিশ্লেষণত এই অবৈধ সুৰাৰ ঘাটি সমূহৰ পৰাই কভিড সংক্ৰমণ হৈছে বুলি তথ্য পোৱা গৈছে ৷ বিশেষকৈ জিলাখনৰ বালিপাৰা আৰু জামুগুৰি এলেকাত এনে ধৰণৰ কভিড সংক্ৰমণ বেচি হোৱা পৰিলক্ষিত হৈছে ৷ এই তথ্যৰ ভিত্তিত জিলাৰ আবকাৰী বিভাগে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু শুক্ৰবাৰৰ দিনটোত জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত ২৫০ লিটাৰ মদ, ১৭০০ লিটাৰ ফাৰমেণ্টেড ৱাছ, আৰু ১২ টা মদ বনোৱা সঁজুলি জব্দ কৰে ৷ উল্লখে যে, শুক্ৰবাৰৰ দিনটোত বালিপাৰা আবকাৰী চক্ৰৰ অন্তৰ্গত বালিপৰা, আমৰিবাৰী, উপৰ কচাৰিগাঁও, জামুগুৰি আবকাৰী চক্ৰৰ অন্তৰ্গত ৰঙাচকুৱা, টুপীয়া, নায়কবস্তি, ঢলাইবিল, আৰু তেজপুৰ আবকাৰী চক্ৰৰ অধীনত পাটগাঁও আৰু আদাবাৰি এলেকাত আবকাৰী বিভাগে অভিযান চলাই অসম আবকাৰী আইনৰ অধীনত ৬টা গোচৰ ইতিমধ্যে ৰুজু কৰিছে ৷

অবৈধ সুৰাৰ বিৰুদ্ধে একেধৰণৰ অভিযান গোটেই ৰাজ্যখনতে চলোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানবলৈ দিয়ে ৷

মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কভিড পৰিস্থিতি পুণৰ নিয়ন্ত্ৰলৈ অনাৰ স্বাৰ্থত লকডাউন অমান্যকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা তথা আৰক্ষী প্ৰশাসনক নিৰ্দেশ দি এনে কৰিলে অহা ১০ দিনৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ কভিড ৰোগী বেচিকৈ বৃদ্ধি পোৱা স্পৰ্শকাতৰ এলেকা চিনাক্তকৰণ কৰি ইয়াত ক’ভিড-১৯ সংক্ৰমণ নিৰূপণৰ বাবে অত্যাধিক সংখ্যাত ৰেট পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অধিক সংখ্যাত প্ৰতিষেধক প্ৰদান কৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে এনে স্পৰ্শকাতৰ এলেকা সমূহক কন্টেইনমেন্ট এলেকা হিচাপে ঘোষণা কৰি ভিতৰত বাস কৰা লোক সকলে যাতে সকলো সময়তে কন্টেইনমেন্টৰ নিয়ম মানি চলে তাক নিশ্চিত কৰিবলৈ স্থানীয় ৰাজহ চক্ৰ বিষয়াসকলক দ্বায়িত্ব দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কোনো কভিড আক্ৰান্ত ৰোগীকে গৃহত থাকি চিকিৎসা গ্ৰহণৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিয়ে। উল্লেখ্য যে আজিৰ দিনটোত শোণিতপুৰ জিলাত কেৱল ২জন কভিড ৰোগীকহে গৃহ পৃথকিকৰণত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷

আনহাতে, জিলাখনত কভিডত আক্ৰান্ত শিশুৰ সংখ্যা বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ পৰুৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয়ৰ উপৰিও আন এক কভিড কেয়াৰ চেন্টাৰ প্ৰস্তুত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment