আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই : মঙলবাৰে মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ কলিতা কেফেত গীতটিৰ শুভমুক্তি প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি লিখিছে শশাংক সমীৰে। গীতটোৰ সৈতে জড়িত হৈ আছে জয়ন্ত কাকতি, শেখৰ জ্যোতি গোস্বামী, ৰাজা বৰুৱা, বাবলু, লক্ষীনন্দন লাহন, প্ৰতিম লামা, দীপাংকৰ ডেকা আৰু মোহন ভূঞা। গীতটিৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ, দীক্ষু, গীতালী কাকতি, দিগন্ত ভাৰতীৰ লগতে বহুকেইগৰাকী সংগীতশিল্পী। ক’ভিডসৃষ্ট এই পৰিৱেশৰ সময়ছোৱাত এই গীতটোৱে শ্ৰোতা দৰ্শকৰ মাজত এক বিপুল সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে গীতটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে।