জানিলে আপোনাৰ গাৰ নোম শিঁয়ৰি উঠিব । বিশ্বৰ আটাইতকৈ জঘন্যতম হত্যাকাণ্ডটো কি জানেনে ?

আজিৰ খবৰ ,২৪জুলাই : কাহিনীটো পঢ়াৰ আগতে প্ৰথমে জানি লওঁ আহক গাৰ নোম শিঁয়ৰি উঠা বিশ্বৰ আটাইতকৈ জঘন্যতম হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল । নাম ৰোনাল্ড জেনি চাইমনছ। বিশ্বত জঘন্যকাৰী চাঞ্চল্যকৰ হত্যাকাৰী হিচাপে পৰিচিত জেনি চাইমনছৰ জন্ম হৈছিল ১৯৪০ চনৰ ১৫ জুলাইত চিকাগো, ইলিনইজ, আমেৰিকা যুক্তৰাষ্ট্ৰত ।চাইমনছে একেলগে মুঠ হত্যা কৰিছিল ১৬জনক ।আৰু ঘাইল কৰিছিল ৪। জনক ।হত্যাৰ সময় আছিল ১৯৮৭ চনৰ ২২ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত। হত্যাৰ আহিলা: হিচাপে ব্যৱহাৰ কৰিছিল হাতুৰী, ৰচী, ০.২২ কেলিবাৰৰ ৰিভলভাৰ, লোহাৰ ধাৰ থকা বেঁকা মাৰি। শেষত ৰোনাল্ড জেনি চাইমনছক ১৯৪০ চনৰ ২৫জুনত ৪৯ বছৰ বয়সত
বিষাক্ত বেজীৰে মৃত্যুদণ্ড দিয়া হৈছিল । ৰোনাল্ড জেনি চাইমনছ (জেষ্ঠ) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু-সেনা বিভাগৰ এজন মাষ্টাৰ চাৰ্জেন্ট, যি ১৯৮৭ চনত নিজৰে পৰিয়ালৰ ১৬ জনকৈ ব্যক্তিক এটা সপ্তাহৰ ভিতৰতে হত্যা কৰিছিল। তাৰ হত্যাৰ বলি হোৱা প্ৰথম ১১৪ গৰাকী ব্যক্তি তেওঁৰ নিজৰে পৰিয়ালৰ আছিল। হত্যাৰ বলি হোৱা এজনী নিজ কন্যাৰ সৈতে তাৰ অবৈধ শাৰীৰিক সম্বন্ধও আছিল, যাৰ সৈতে সি বলপূৰ্বক সম্বন্ধ গঢ়িছিল। হত্যাৰ বলি হোৱা আন এটা শিশু, যি তাৰে ঔৰসত এই গৰাকী কন্যাৰ গৰ্ভত জন্ম লৈছিল। তাৰ নিজ পৰিয়ালৰ সদস্যৰ বাহিৰেও আন ৪ জনকো ঘাইল কৰিছিল। চাইমনছে ১৯৮৭ চনত খৃষ্টমাছৰ ৩ দিন আগতে নিজ পৰিয়ালৰ সকলো লোককে হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল। ২২ ডিচেম্বৰৰ পুৱা নিজৰ পুত্ৰ জেনি আৰু পত্নী ৰেবেকাক ড’ভাৰ, আৰাকানচাছত থকা নিজ ঘৰত ০.২২ কেলিবাৰৰ এটা পিষ্টলৰে প্ৰথমে হত্যা কৰিছিল। তাৰ পিচত ৩ বছৰীয়া নাতিনী বাৰবাৰাক টেঁটু চেপি হত্যা কৰিছিল। শ’বোৰ এটা জাবৰ পেলোৱা গাঁতত পুতি থৈছিল, যিটো গাঁত পৰিয়ালৰ শবোৰক কবৰ দিয়াৰ উদ্দ্যশ্যেৰে বহুদিন আগতেই খান্দি জাবৰ-জোঁথৰ পেলোৱা কামত ব্যৱহাৰ কৰি আছিল। চাইমনে তাৰ পিচত আনবোৰ সন্তান ঘৰলৈ ঘূৰি অহালৈ অপেক্ষা কৰিছিল। সিহঁত ঘূৰি অহাৰ পিচত সিহঁতক কৈছিল যে, চাইমনছে সকলোকে খৃষ্টমাছৰ উপহাৰ দিব বিচাৰে, কিন্তু একেলগে নহয়, এজন এজনকৈহে দিব। ইয়াৰ পিচত চাইমনছে প্ৰথমে হত্যা কৰিছিল ১৭ বছৰ বয়সীয়া কন্যা ল’ৰেট্টাক, যাক বৰষুণৰ পানী ধৰা এটা বেৰেলৰ ভিতৰত পানীত ডুবাই হত্যা কৰিছিল। আন তিনিটা শিশু, এডি, মেৰিয়েন আৰু বেকীকো একেটা পন্থাৰেই গতি লগাইছিল।
২৬ ডিচেম্বৰৰ দুপৰীয়া যেতিয়া খৃষ্টমাছৰ বাবে অন্য প্ৰান্তত থকা পৰিয়ালৰ বাকী সদস্য সকল আহি জেনিৰ ঘৰত সমবেত হৈছিল, তেতিয়া জেনিয়ে পুত্ৰ বিলি আৰু বোৱাৰী ৰেনাতাক গুলী কৰি হত্যা কৰিছিল। তাৰ পিচত চাইমনচৰ ২০ বছৰীয়া পুত্ৰ ট্ৰেইক পানী বেৰেলত ডুবাই হত্যা কৰিছিল। ইয়াৰ পিচত ডাঙৰ কন্যা চেইলাক গুলী কৰি হত্যা কৰিছিল, যাক বহুদিনৰ পৰা যৌন অত্যাচাৰ কৰি আহিছিল। চেইলাৰ স্বামী ডেনিছ মেকনালটিকো গুলী কৰি হত্যা কৰিছিল। তাৰ পিচত চাইমনছৰ
ঔৰসত চেইলাৰ গৰ্ভত জন্ম লোৱা ৭ বছৰীয়া কন্যা চিলভিয়া গেইলক টেঁটু চেপি হত্যা কৰিছিল। সৰ্বশেষত২১ মহীয়া নাতি মাইকেলক হত্যা কৰিছিল। চাইমনে পৰিয়ালৰ মৃতদেহবোৰ নিজৰ ঘৰৰ লাউঞ্জত (আৰাম বা বিশ্ৰাম কৰা ঠাই) বৰ ধুনীয়াকৈ শাৰী লগাই সজাই থৈছিল। চেইলাৰ বাহিৰে তেওঁ সকলোকে কোটচোলা একোটা পিন্ধাই দিছিল, চেইলাক কিন্তু ৰেবেকা চাইমনৰ(পত্নী) আটাইতকৈ পচন্দৰ টেবুল ক্লথ এখনৰে মেৰিয়াই থৈছিল। দুটা নাতিৰ মৃতদেহ সি প্লাষ্টিকৰ চিটেৰে মেৰিয়াই থৈছিল আৰু ঘৰৰ সমুখৰ সৰু ৰাষ্টাটোৰ(lane) শেষত এখন পৰিত্যক্ত গাড়ীত সিহঁতক থৈ আহিছিল।
হত্যা কৰি চাইমনছে মদ খাবলৈ এখন স্থানীয় বাৰলৈ গৈছিল। তাৰ পিচত ঘৰলৈ ঘূৰি আহে । সম্ভৱ তেতিয়া ঘৰৰ ভিতৰত নিজৰ সমুখত মৃতদেহবোৰ এটা সুন্দৰ শাৰীত মজিয়া বা চোতালত পৰি আছিল। নিশাটো চাইমনছে বিয়েৰ খাই আৰু টিভি চাই পাৰ কৰিছিল।২৪ ডিচেম্বৰৰ পুৱা চাইমনছে ৰাছেলভিলি বোলা ঠাই এখনলৈ গাড়ী চলাই গৈছিল, তাতে সি আইনৰ কাৰ্যালয়লৈ বুলি খোজ লৈছিল যদিও, বাটতে কেথি কেনড্ৰিক নামৰ এগৰাকী যুৱতী ৰিচেপছনিষ্টক হত্যা কৰিছিল। তাইৰ সৌন্দৰ্যই তাক মোহিত কৰিছিল যদিও তাই সৈমান নোহোৱাৰ বাবেই হত্যা কৰিছিল। তাৰ পিচত এটা অইল কোম্পানীৰ অফিচলৈ গৈছিল, য’ত চাইমনছে
জে.ডি.চেফিন নামৰ এজন ব্যক্তিক হত্যা কৰাৰ লগতে ৰাষ্টি টেইলৰ নামৰ মালিক জনকো ঘাইল কৰিছিল। ইয়াৰ পিচত এখন convenience store লৈ (খাদ্য, ড্ৰিংকছ্ ইত্যাদি সামগ্ৰী বিক্ৰী কৰা দোকান, যিবোৰ দোকান আমেৰিকাত পলমকৈ খোলা হয়) গৈছিল, যিখন দোকানত সি আগতে কাম কৰিছিল। তাত গুলী কৰি আৰু দুজন ব্যক্তিক আঘাত কৰিছিল। তাৰ পিচত উডলাইন মটৰ ফ্ৰেইট কোম্পানীৰ অফিচলৈ গৈছিল, তাতো এগৰাকী মহিলাক গুলিয়াই আঘাত কৰিছিল। চাইমনে তাতে সাধাৰণভাবে বহি থাকি তাৰে এজন চেক্ৰেটেৰীৰ লগত কথা পাতিছিল আৰু অহালৈ অপেক্ষা কৰিছিল। পুলিচ অহাৰ পিচতে সি আত্মসমৰ্পণ কৰিছিল আৰু কোনো প্ৰশ্নৰ অৱতাৰণা নকৰি পিষ্টলটো পুলিচৰ হাতত জমা দিছিল। চাইমনছে কিয় এই ঘটনা কৰিছিল বাৰু! তাৰো কাৰণ নোহোৱা নহয়। ল’ৰালি কালতে চাইমনছৰ মাক-দেউতাকৰ বিচ্ছেদ হৈছিল। ল’ৰালি কালছোৱা বৰ নিঃসংগতাৰ মাজেৰে পাৰ কৰিছিল চাইমনছে । মাক-বাপেকৰ মাজত বিচ্ছেদ হোৱা বহু সন্তান ভৱিষ্যত জীৱনত হত্যাকাৰী বা ডাঙৰ অপৰাধী হৈ উঠে অপৰাধ-ইতিহাসৰ পাত লুটিয়াই চালে বহুত অপৰাধীৰ ক্ষেত্ৰত এই কথাটোকেই দেখা পোৱা যায়। বিয়া-বাৰু কৰাৰ পিচত পৰিয়ালৰ সকলোৰে ওপৰত অধিকাৰ খটাবলৈ বিচাৰিলে, চাইমনছে ।
আনকি পত্নীলৈ অহা প্ৰতিখন চিঠি প্ৰথমে নিজে খুলি চাই পঢ়িহে পত্নীক পঢ়িবলৈ দিছিল। পৰিয়ালৰ লোকসকলে চাইমনছৰ কথা নামানিব বুলি নিজে সদায় শংকাত ভুগিছিল; কিন্তু তাৰ কঠোৰ নিয়ম-নীতি, বিকৃততাত পৰিয়ালৰ প্ৰতিজন সদস্য
চাইমনছৰ কন্ট্ৰলৰ বাহিৰ হৈ গৈছিল আৰু সেইটোয়েই পৰিয়ালৰ বাবে কাল হৈছিল।
চাইমনক আদালতে মৃত্যুদণ্ড বিহে। মৃত্যুদণ্ডৰ বিৰুদ্ধ আদালতত কোনো আপীল কৰা নাছিল। ১৯৯০ চনৰ ৩১ মে’ত আৰাকানচাছৰ গৰ্ভনৰ বিল ক্লিনটনে (পিচলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি) চাইমনছৰ
মৃত্যুদণ্ডৰ ৱাৰেন্টত চহী কৰিছিল আৰু সেই চনৰে ২৫ জুনত ৰোনাল্ড জেনি চাইমনছক মৃত্যুৰ বাবে নিজে পচন্দ কৰি লোৱা পন্থাৰ যোগেদি বিষাক্ত বেজী দি মৃত্যুদণ্ড বিহা হৈছিল।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment