কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাক :ড০ দিব্যজ্যোতি শইকীয়াৰ অভিনন্দন

আজিৰ খবৰ, গুৱাহাটী, ২৫,জুলাই : বহুত দিন ধৰি চলি থকা এক জল্পনা-কল্পনা যেন ওৰ পৰিল । বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা AICCৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন বৰাক অৱশেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে৷

কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীৰ দীৰ্ঘদিনৰ দাবীৰ পিছত শনিবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিয়ে নিযুক্তি দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতিক ৷ ভূপেন বৰাক ৰাজ্যৰ কামাণ্ড অৰ্পণ কৰাৰ পিছতে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। শইকীয়াই কয় যে, গণতন্ত্ৰৰ তাৎপৰ্য তেতিয়াহে প্ৰমাণিত হ’ব যেতিয়া বিৰোধী শক্তিশালী হ’ব। সুস্থ আৰু সবল গনতন্ত্ৰৰ বাবে বৰাই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি কয় যে, অদূৰ ভৱিষ্যতে বৰাৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে কেৱল শক্তিশালী হৈ উঠাই নহয়, দলটোৱে শক্তিশালী বিৰোধীৰ ভূমিকাও পালন কৰিব। দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক বিবৃতিত কৈছে যে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলেক্ষ্য ডে পুৰকায়স্থ আৰু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ এইবাৰ দলৰ কাৰ্যবাহী পদত থাকিব। দলৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীৰ অনুমোদনৰ পিছত কৰা ঘোষণাটো তাৎক্ষণিক ভাৱে কাৰ্যকৰী কৰা বুলি জানিব পৰা গৈছে । বিবৃতিত ৰিপুণ বৰাৰ ভূমিকাকো প্ৰশংসা কৰিছে শইকীয়াই । উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত দলৰ শোচনীয় পৰাজয়ৰ পিছত নৈতিক দায়িত্ব গ্ৰহণ কৰি ৰিপুন বৰাই ২ মে’ত দলৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে, তেওঁৰ পদত্যাগ গ্ৰহণ কৰা হোৱা নাছিল তেতিয়া আৰু পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে তেওঁক কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ কোৱা হৈছিল। পূৰ্বতে ভূপেন বৰাই লখিমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলৰ পৰা দুবাৰকৈ বিধায়ক আছিল। তেওঁ ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) দেৱানন্দ হাজৰিকা আৰু ২০২১ চনত অমিয় কুমাৰ ভূঞাৰ হাতত বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল। উল্লেখ্য যে, ১৯৭০ চনৰ ৩১ অক্টোবৰত লখিমপুৰৰ এখন আদৰ্শ গাঁও পহুমৰাত জন্ম হৈছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এমএ ডিগ্ৰী লাভ কৰিছিল।। ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতিত সক্ৰিয়ভাবে থাকি

প্ৰাক্তন বিধায়ক ভূপেন বৰাই কংগ্ৰেছ দলৰ হৈ ৰাইজৰ সেৱা আগবঢ়াই আহিছে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment