খানামুখ জানৰপাৰৰ পথাৰত থলুৱা জাতৰ জহা ধানৰ সংৰক্ষণৰ তৎপৰতা কৃষি বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুলাই : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাবে এসময়ত ৰাজ্যত গৌৰৱ স্বৰূপ থলুৱা জাতৰ ধান সমূহক বিজ্ঞান সন্মতভাৱে সংৰক্ষণত গুৰুত্ব আৰোপ কৰি অনাগত দিনত তাক দেশ বিদেশত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিছে । সেই নিৰ্দেশনাৰ আধাৰত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বিশেষ তৎপৰতাত কৃষি বিভাগে থলুৱা জাতৰ জহা ধানৰ বিজ্ঞানসন্মত সংৰক্ষণ , উৎপাদনৰ লগতে কৃষক ৰাইজক এইক্ষেত্ৰত জড়িত কৰাৰ কাম আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশহিচাপে আজি পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ কৃষি চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত ৰাণী উন্নয়ন খণ্ডৰ চি এছ এছ আত্মা আঁচনিৰ জৰিয়তে যোগান ধৰা ৰঞ্জিত চাব ১ , স্বৰ্ণ চাব ১ আৰু থলুৱা জাতৰ জহা ধানৰ উৎপাদনৰ কাম পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ জানৰপাৰৰ পথাৰত প্ৰদৰ্শনমূলক কাৰ্য আৰম্ভ কৰা হয় । অঞ্চলটোৰ অৰ্দ্ধ শতাধিক কৃষকৰ প্ৰায় ২৫০ বিঘাৰো অধিক মাটিত এই জহা ধানৰ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে । আজি প্ৰায় ১০ বিঘা মাটিক সামৰি লোৱা এই প্ৰদৰ্শন কাৰ্যসূচীত ধাৰাপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰদীপ মেধীয়ে ভাগ লৈ বৈজ্ঞানিক পদ্ধতিৰে জহা ধানৰ খেতি কৰি দেশ বিদেশত ৰপ্তানী কৰি কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বাখ্যা দাঙি ধৰে । কাৰ্যসূচীত ধাৰাপুৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰদীপ দাস , কৃষি বিভাগৰ গ্ৰামসেৱকদ্বয় কামেশ্বৰ বৈশ্য আৰু মণ্টু বৈশ্য , ধাৰাপুৰ পথাৰ পৰিচালনা কমিটিৰ সম্পাদক ৰতন কলিতা , অঞ্চলটোৰ উদীয়মান কৃষক ক্ৰমে অতুল কলিতা , বিপুল কাকতি , খগেন কলিতা , শ্যামল কলিতা , প্ৰমোদ কলিতা , নয়ন কলিতাকে ধৰি কেবাজনো নবীন – প্ৰবীন কৃষক উপস্থিত থাকে । আনহাতে একে সময়তে কুৰি গৰাকীৰো অধিক ৰোৱনীয়ে শালি ধানৰ কঠিয়া তথা ভূঁই ৰোপন কৰাৰ লগতে কৃষক সকলে এইক্ষেত্ৰত সহযোগ কৰে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment