ৰ’দালিৰ কবিলৈ শ্ৰদ্ধাঞ্জলি .. মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ মাটি , হাড় হিমজুৰ সাৰত লহপহকৈ বাঢ়ি উঠিব ধান মাহ সৰিয়হ শইচৰ সুদৃশ্য বৰ্ণমালা।

আজিৰ খবৰ,২৮ জুলাই : কবিতা বুলিলে সাধাৰণতে এখন মুখ চকুৰ আগলৈ ভাঁহি আহে । বিশেষকৈ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত কবিতাৰ কথা পাতিলে বা কবিতাৰ নাম ললেই মনত পৰে সেই স্বনামধন্য ব্যক্তি গৰাকীলৈ । সম্পূৰ্ণ মানুহজনেই যেন শব্দৰে গঢ়া এটি ধুনীয়া কবিতা । অসমতেই নহয় পৃথিৱী বিয়পি থকা তেখেতৰ কৰ্মৰাজিয়ে এচাম মানুহক শব্দৰ এখন মনোৰম জগতলৈ লৈ যায়। শব্দৰ সৈতে কথা পাতি ভাল পোৱা মানুহ জনে ছবি আৰু গান ভাল পাইছিল । বুকুত শব্দৰ টোপোলা লৈ দিহিঙে দিপাঙে ঘূৰি ফুৰা মানুহজনক বেয়া পোৱা মানুহ হয়তো কমেই ওলাব ৷ আজি তেখেতৰ ওপজা দিন ৷ হয়, আজি কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম দিন ৷ হীৰুদা নামেৰে বিখ্যাত হৈ পৰা বৰেণ্য কবি গৰাকীৰ ১৯৩২ চনত যোৰহাটত জন্ম হৈছিল ৷ অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম আছিল ‘হীৰুদা’৷ “প্ৰেম আৰু ৰ’দালিৰ কবি” উপাধিৰে বিভূষিত কৰা হৈছিল হীৰেন ভট্টাচাৰ্যক ৷ হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয় ১৯৫৭ চনত ৷ ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ৷।বিভিন্ন দিনৰ কবিতা’, ‘কবিতাৰ ৰ’দ’, ‘তোমাৰ গান , ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা মাটি’ আদি কৈ শেষ কৰিব নোৱাৰা অনেক কবিতা তেখেতৰ অনন্য সৃষ্টি ৷ ইয়াৰ বাহিৰেও তেওঁ শিশুৰ বাবে ১৯৯১ চনত ‘ল’ৰা ধেমালি’ আৰু ‘অকন ধেমালি’ প্ৰকাশ কৰে ৷ ‘অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক কেইবাটাও বঁটাৰে সন্মানিত কৰা হৈছে ৷ হীৰেন ভট্টাচাৰ্যই লাভ বঁটা অথবা সন্মান সমূহৰ ভিতৰত অন্যতম চোভিয়েট দেশ নেহৰু বঁটা, সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা ইত্যাদি ৷ ২০১২ চনৰ ৪ জুলাইত আমাৰ মাজৰ পৰা বিদায় মাগে সকলোৰে আদৰৰ হীৰু দাই ৷ কিন্তু আজিও প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে হীৰু দাৰ কৰ্মৰাজিক । সুগন্ধি পখিলা খ্যাত সকলোৰে মৰমৰ হীৰুদাৰ আজি জন্ম দিনত সাহিত্যনুৰাগী সকলোয়ে জনাইছে শুভেচ্ছা । বাস্তৱত তেওঁ নাই যদিও চিৰদিন চিৰকাল সকলোৰে মনত অমৰ হৈ থাকক …ৰ’দালিৰ কবি হীৰুদাৰ জন্মদিনত আমিও শ্ৰদ্ধাৰে সুঁৱৰিছো…

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment