অসমীয়া সেনা বিষয়া মেজৰ জেনেৰেল অনন্ত ভূঞাক আপুনি চিনি পায় নে?

উত্তৰ পূৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২২০ খন শিক্ষা প্ৰতিষ্ঠানৰ ১৮,৩৭৩ জন ছাত্র-ছাত্ৰীক এন চি চিত কেডেট হিচাপে ভৰ্ত্তি কৰোৱা অসমীয়া সেনা বিষয়া মেজৰ জেনেৰেল অনন্ত ভূঞাই ল'ব কালিলৈ অৱসৰ

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই : ভাৰতীয় সেনাত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা বিষয়াৰ সংখ্যা অতি কম । আনকি কৰ্ণেল পদমৰ্যাদাৰ ওপৰৰ বিষয়া আঙুলিৰ মূৰত লিখিব পৰা । অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় সেনাৰ দ্বিতীয় সৰ্বোচ্চ সন্মানীয় লেফটেনেণ্ট জেনেৰেল পদত কার্যনিৰ্বাহ কৰি আছে কামৰূপ জিলাৰ ৰঙিয়াৰ সু সন্তান ৰাণাপ্ৰতাপ কলিতা । তেনেদৰে তৃতীয় সৰ্বোচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰা অবিভক্ত কামৰূপ জিলাৰ সৰ্থেবাৰীত জন্মগ্ৰহণ কৰা মেজৰ জেনেৰেল অনন্ত ভূঞাই । বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰনালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাথী বাহিনীৰ ( এন চি চি ) শ্বিলংস্থিত উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ মুৰব্বী তথা অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) হিচাপে বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছে । জেনেৰেল ভুঞাই প্ৰায় ৩৮ বছৰীয়া গৌৰৱোজ্জল পৰিক্ৰমা সামৰি ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিব । কিন্তু বিগত বৰ্ষত ক’ভিডকেন্দ্ৰিক ভয়াৱহ পৰিস্থিতিৰ মাজত যোগদান কৰিও বিগত ১১ টা মাহত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে আৱৰি থকা উত্তৰ পূৱৰ ৰাজ্য কেইখনত বাহিনীটোত কেডেট ভৰ্ত্তি অভিযান চলাই আহিছে । মূলত বিগত ২০২০ বৰ্ষত নতুন দিল্লীত কভিড জনিত পৰিস্থিতিৰ বাবে অতি সীমিত পৰিবেশত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আৰু উপকলীয় অঞ্চলৰ ৰাজ্যত থকা শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক এন চি চি ত কেডেট হিচাপে ভৰ্ত্তি কৰি তেওঁলোকৰ মাজত দেশপ্ৰেমমূলক ভাৱনা আৰু পৰৱৰ্তী সময়ত তেওঁলোক যাতে দেশৰ সহস্ৰ বাহিনী , অৰ্দ্ধ সামৰিক বাহিনীত যোগদান কৰি দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু গুৰুত্বৰ পাছতেই এন চি চি ৰ নতুন দিল্লীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ ১৭ টা মণ্ডল সঞ্চালকায়ৰ ভিতৰত যিকেইটাত আন্তঃৰাষ্ট্ৰীয় আৰু উপকূলীয় অঞ্চলে আৱৰি আছে তেওঁলোকক কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰে । সেই নিৰ্দেশনাৰ ভিত্তিত শ্বিলঙৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ে যোৱা অক্টোবৰ মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তই আৱৰি থকা অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনত এন চি চি ৰ কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰে । এ ডি জি , মেজৰ জেনেৰেল ২৮ জুলাইত গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা গুৱাহাটীৰ আৰু শ্বিলঙৰ এটা সাংবাদিকক নিজ কাৰ্যালয়ত এটা বার্তালাপত কয় বিগত মাৰ্চ মাহ পৰ্যন্ত অসম , অৰুণাচলকে ধৰি আটাইকেইখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২০ কিঃমিঃ ভিতৰত মুঠ ২২০ খন নির্বাচিত শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ১৮,৩৭৩ জন ছাত্ৰ-ছাত্ৰীক এন চি চি ত কেডেট হিচাপে ভৰ্ত্তি কৰা হৈছে । ইয়াৰ ভিতৰত ৭৬ খন মহাবিদ্যালয় আৰু ১৪৪ খন হাইস্কুল বা উচ্চ মাধ্যমিক বিদ্যালয় আছে । এই ভৰ্ত্তি অভিযান অনাগত দিনতো চলি থাকিব বুলি । কভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা কেডেটৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । কিন্ত এপ্ৰিল মাহত পুনৰ ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাত সামগ্ৰিকভাৱে সেই অভিযানত যতি পৰে । কিন্তু তাৰ মাজতো অনলাইন বা ৱেবিনাৰযোগে বাহিনীটোৰ গ্রুপ কমাণ্ডাৰ , ইউনিট সমূহৰ কমাণ্ডিং অফিচাৰ আৰু প্ৰশিক্ষক , জে চি অ , এন চি অ সকল , শিক্ষানুষ্ঠান সমূহৰ সহযোগী এন চি চি বিষয়া সকলৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি অহা হৈছে । যাতে শিক্ষানুষ্ঠান খুলিলেই কেডেটৰ প্ৰশিক্ষণ কাৰ্য পুনৰ ক’ভিডৰ নীতি নিয়ম মানি আৰম্ভ কৰিব পাৰি । এন চি চিৰ মূল লক্ষ্যই হৈছে কেডেট সকলে একো একোজন সু নাগৰিক হৈ পৰবৰ্তী সময়ত সহস্ৰ বাহিনী , অৰ্দ্ধ সামৰিক বাহিনী বা ৰাজ্যিক আৰক্ষী বাহিনীত নিজৰ যোগ্যতা অনুসৰি ভৰ্ত্তি হৈ দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে । বিগত এটা বর্ষত ২৩৭ জন কেডেট বিভিন্ন বাহিনীত জোৱান হিচাপে নিযুক্তি লাভ কৰিছে । তেনেদৰে এজনী গাৰ্লছসহ ৫ জন কেডেট ক্ৰমে মৌচুমী নাথ , হিমশিখৰ কাশ্যপ , অভিজিৎ গিৰী , ৰিছভ ৰাজ , মানস পি কাকতিয়ে সেনা বাহিনীত কমিছনড বিষয়া হিচাপে নিৰ্বাচিত হৈছে । এন চি চি কেডেটৰ যিসকলে “চি” চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বাহিনীত নিযুক্তিৰ বাবে সুবিধা প্ৰদান কৰিছে । আনহাতে ৰাজ্য চৰকাৰেও যাতে ৰাজ্যিক আৰক্ষী বাহিনীত চি চাৰ্টিফিকেট ডিগ্ৰীধাৰী সকলক বিশেষ সুবিধা প্ৰদান কৰে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাজনো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অনুৰোধ জনোৱা হৈছে । উল্লেখযোগ্য যে ভাৰতীয় সেনাত এজন সুদক্ষ বিষয়া হিচাপে পৰিচিত আৰু কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব বহন কৰা ভূঞা ১৯৭৮ চনত গোৱালপাৰা সৈনিক স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈছিল । ১৯৮২ চনত তেওঁ পুনেৰ এন ডি এ ৰ পৰা উত্তীৰ্ণ হৈ ১৯৮৩ চনত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত কমিছনড বিষয়া হিচাপে কৰ্ম জীৱনৰ পাতনি আৰম্ভ কৰে । সেই বছৰত পৃথিৱীৰ অতি উচ্চৰ যুদ্ধক্ষেত্ৰ হিচাপে পৰিচিত চিয়াছেনত চেকেণ্ড লেফটেনেণ্ট হৈ থকা সময়ত তাত ভাৰতৰ ত্ৰিৰংগা পতাকা উৰুৱাই ভাৰতৰ অধীনলৈ চিয়াছেনক ৰখাৰ বাবে চলোৱা অভিযানত ভূঞাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । আনকি অভিযানৰ সময়ত ডাঠ বৰফত আধা ঘণ্টা ধৰি পোত খাই সোমাই দৈৱক্ৰমে সহকৰ্মী সকলৰ তৎপৰতাত আৰু ভগৱানৰ আশীৰ্বাদত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছিল বুলি মেজৰ জেনেৰেল অনন্ত ভুঞাই ব্যক্ত কৰে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment