অব্যাহত কামৰূপ জিলাত আবকাৰী বিভাগৰ অভিযান :দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ

১১৩ লিটাৰ চুলাই মদ জব্দ আৰু ২,২০০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস

আজিৰ খবৰ,গুৱাহাটী, ৩০ জুলাই : চুলাই মদৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে কামৰূপ জিলাৰ বিভিন্ন ঠাইত আবকাৰী বিভাগে অভিযান চলাই আছে৷ ইয়াৰে অংশ ৰূপে যোৱা ২৮ জুলাইৰ পৰা আজিলৈ এই তিনিদিনত আমিনগাঁও বজাৰ এলেকাৰ ২৬ নং কলনি, লঠীয়া বাগিচা আৰু বংশৰ অঞ্চলত অভিযান চলাই দুজন ব্যক্তিৰ বিৰুদ্ধে আবকাৰী (সংশোধনী) আইন-২০১৮ ৰ ৫৩ (১)ক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আনহাতে এই অভিযানত প্ৰায় ১১৩ লিটাৰ চুলাই মদ আৰু ২,২০০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰা হয়।

Comments (0)
Add Comment