আজিৰ খবৰ, গুৱাহাটী, ৩ আগষ্ট : আজি বৰঝাৰস্থিত আন্ত:ৰাষ্ট্ৰীয় ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমান বন্দৰৰ মজদুৰ সংঘৰ কাৰ্যালয়ত ভাৰতীয় মজদুৰ সংঘৰ অন্তৰ্গত মজদুৰ সংঘৰ এখনি গুৰুত্বপূর্ণ সভা আড়ম্বৰপূর্ণভাৱে অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে অসম মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ শৰ্মাই। সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি সংঘৰ অন্য এজন সাধাৰণ সম্পাদক অনুপম বৰগোহাঁই বৰঝাৰস্থিত আন্তর্জাতিক বিমানবন্দৰৰ ঠিকা ভিত্তিক শ্রমিক সকলৰ আহি পৰা ভয়ংকৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পৰা যায়, চৰকাৰৰ দায়িত্বৰ ওপৰত তেওঁ কয়। সভাত অংশ লৈ সাংবাদিক, লেখক তথা সমাজ সচেতক দীপক শৰ্মাই কয়- “কৃষক, শ্ৰমিক, মজদুৰৰ সমস্যা ৰাজ্য বা কেন্দ্রীয় চৰকাৰে সমাধান কৰিবই লাগিব। কোনো এখন চৰকাৰে স্থায়ী বুলি ভাৱিব নালাগে। ৰাইজৰ হাততে চৰকাৰ বৰ্তি থাকে। কৃষক- শ্ৰমিক- মজদুৰক সন্মান কৰিলেহে বৰ্তি থাকে। অসম তথা ভাৰত প্ৰধানকৈ কৃষি প্ৰধান। বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত খণ্ডলৈ গ’লেও ইয়াত নিয়োজিত প্ৰতিজন শ্ৰমিকক সুৰক্ষিত তথা মৰ্যাদা সহকাৰে ৰাখিব লাগিব।”লগতে কয়, “অসম চৰকাৰ তথা কেন্দ্রীয় চৰকাৰে ভিন ভিন ঠাইত গঢ়ি উঠা উদ্যোগবোৰত শ্রমিক সকলক শোষণ- বঞ্চনা কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ম নজৰ দিব লাগে।চাহ শ্রমিক সকলৰ সমস্যা সমাধানত গুৰুত্বাৰোপ কৰিব লাগে। অসম মজদুৰ সংঘই এই যথোচিত ভূমিকা গ্রহণ কৰিব লাগে।” উত্তৰ-পূৰ্বাঞ্চল মজদুৰ সংঘৰ ক্ষেত্রীয় সভাপতি কমল শৰ্মাই কয়- যিকোনো উদ্যোগে উদ্যোগ নীতি মানি চলিব লাগিব।উদ্যোগে শ্রমিকক বঞ্চিত কৰিব নোৱাৰিব। অসম তথা উত্তৰ – পূর্বাঞ্চলৰ প্ৰতিখন চৰকাৰে শ্রমিক- মজদুৰক সন্মান কৰিব লাগিব। মজদুৰৰ হাচতে চৰকাৰ বৰ্তি আছে।দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসে কয়- অসম মজদুৰ সংঘৰ কাম-কাজ নি:সন্দেহে উন্নত। তেওঁলোকে অসমৰ শ্ৰমিক- মজদুৰৰ কল্যাণৰ হকে কাম কৰি আহিছে। অসম চৰকাৰে শ্রমিক, কৃষক, মজদুৰৰ সমস্যা সমূহ সমাধানত গুৰুত্ব দিব। সভাত কামৰূপ জিলা মজদুৰ সংঘৰ সহ: সম্পাদক সীমান্ত দাস, বৰঝাৰ বিমান মজদুৰ সংঘৰ সভাপতি দিলীপ দাস, সাধাৰণ সম্পাদক দীপাংকৰ বৰদলৈ, সাংগঠনিক সম্পাদক দিগন্ত দাস, ৰঞ্জিত মহন্ত, দেবেশ্বৰ নাথ, ভাৰ্গৱ দাস, নৃপেন চৈনাৰী প্ৰভৃতি কেইবাজনো মজদুৰ সংঘৰ স’তে জড়িত সদস্যই বক্তব্য দাঙি ধৰে। প্ৰতিজন বক্তাই কোনো কালে বৰঝাৰ বিমান বন্দৰৰ কোনো ঠিকা ভিত্তিক শ্রমিকক ব্যক্তিগত কৰণ হ’লেও উলিয়াই দিব নোৱাৰে তাৰ ওপৰত অসম চৰকাৰে দৃঢ় প্ৰদক্ষেপ ল’ব লাগে বুলি একে মুখে কয়। এই ক্ষেত্রত অসম চৰকাৰৰ মুখ্যমন্ত্রী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ, পশ্চিম গুৱাহাটী আৰু পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়কৰ যথেষ্ঠ দায়িত্ব আছে বুলি উল্লেখ কৰে ।
কেতিয়া শেষ হ’ব শ্রমিকৰ শোষণ- বঞ্চনা ?
বৰঝাৰত অসম মজদুৰ সংঘৰ গুৰুত্বপূৰ্ণ সভা
Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS