আজিৰ খবৰ, গুৱাহাটী, ৭ আগষ্ট : অলপ দিনৰ পাছতে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰত ভৰি দিব ৷ দেশে স্বাধীনতা লাভৰ ৭৫ বছৰত উপনীত হোৱাৰ সৈতে সংগতি ৰাখি অসমৰ শিক্ষাখণ্ডই লৈছে এক অভিলাষী আঁচনি । ৭৫ বছৰত ভৰি দিয়া প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৩কোটি কৈ টকা । এই কথা সদৰি কৰিছে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে । ২০৯খন উচ্চ–উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রতিখনকে আন্তঃগাঁথনি উন্নয়নৰ বাবে তিনি কোটি টকাকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হ’ব৷৷ তেওঁ জানিবলৈ দিয়া অনুসৰি উৎকর্ষতাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ২,০০৫খন নিম্ন–উচ্চ প্রাথমিক বিদ্যালয়লৈও আগবঢ়োৱা হ’ব ৫০ লাখকৈ টকা৷ ইফালে শেহতীয়াকৈ অনুমোদিত ২২,৯২১টা শিক্ষকৰ খালী পদৰ নিযুক্তি সম্পূর্ণৰূপে নতুন হ’ব বুলি তেওঁ সদৰী কৰে৷ ইয়াৰে ১০ হাজাৰটা শিক্ষক পদ প্রাথমিক বিদ্যালয়ৰ আৰু বাকী ১২,৯২১টা মাধ্যমিক পর্যায়ৰ পদত নিযুক্তি দিয়া হব বুলি উল্লেখ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই পদত ঠিকাভিত্তিক ৰূপে কর্মৰতসকলক নিয়মীয়াকৰণ কৰা নহয়৷ ২০১২ চনত প্রথম টেট অনুষ্ঠিত হৈছিল আৰু ২০১৩ চনত ৮,৮৬৪টা শিক্ষক পদত প্রথম নিযুক্তি দিয়া হয়৷ তেতিয়াৰে পৰা শিক্ষক পদৰ নিযুক্তি সম্পূর্ণ স্বচ্ছতাৰে কৰি অহাৰে লগতে টেট, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মেধাৰ তালিকা প্রস্তুতেৰে শিক্ষক নিযুক্তি প্রক্রিয়া সম্পন্ন কৰি অহা হৈছে বুলি সদৰি কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ।
বিদ্যালয়লৈ ৩ কোটিকৈ টকা ৰাজ্য চৰকাৰৰ ।
কোন কোন বিদ্যালয়ে পাব এই ধন....
Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS