বেতকুছিত চালক – পৰিচালক প্ৰশিক্ষণ

আজিৰ খবৰ, ১০ আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনৰ চালক – পৰিচালক সকলৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ বেতকুছিস্থিত চালক – পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু দাসে গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ লগত জড়িত চালক-পৰিচালক সকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি , যাত্ৰীৰ প্ৰতি ব্যৱহাৰ বা আচৰণ কেনে হোৱা উচিত , পথত গাড়ী সলনিৰ সময়ত মানি চলিবলগীয়া আইন কানুন , ট্ৰেফিক সংকেট , পথ সুৰক্ষা আদিৰ সন্দৰ্ভত নূন্যতম সজাগতা আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে । ইয়াৰ অংশহিচাপে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে চিটিবাছ , মেজিক বা মেট্ৰো শ্বেয়াৰ টেক্সি , অলা – উবেৰকে ধৰি গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় দুই হাজাৰ চালকক সামৰি লৈ বছৰযোৰা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে । প্ৰথম বাৰৰ বাবে প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু শুকুৰবাৰে বিদ্যালয়ৰ উদ্যোগত বেতকুছিত এদিনীয়াকৈ পৰ্যায়ক্ৰমে চালক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হব । আজি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ জ্যেষ্ঠ অতিৰিক্ত পৰিবহণ আয়ুক্ত ৰাতুল পাঠকে । এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে পৰিচালনা কৰা সভাখনত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাতুল পাঠকে ৰাজহুৱা পৰিবহণ সেৱাৰ চালক সকলৰ সজাগতা বৃদ্ধিৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি সদৰি কৰে আৰু চালক – পৰিচালক সকলৰ আচৰণ – ব্যৱহাৰৰ ওপৰতে ৰাজহুৱা পৰিবহণ সেৱাৰ মান বহুখিনী নিৰ্ভৰ কৰে বুলি কয় । সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত মাধুৰীমা দাস আৰু অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নুমল মাহাতোৱে উপস্থিত চালক সকলক পথত মানি চলিবলগীয়া যান বাহন আইন , ব্যৱহাৰ , আদিৰ ওপৰত ভাষণ আগবঢ়ায় । সভাত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু ৰফিকুল ইছলাম , অসম ৰাজ্যিক পৰিবহণ নিগমৰ বেতকুছিৰ আই এছ বি টিৰ মাণ্ডলিক অধীক্ষক জয়ন্তজিৎ বৰায়ো চমু ভাষণ আগবঢ়ায় । সভাত জিলাখনৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক , প্ৰৱৰ্তক চেকাৰ উপস্থিত থাকে । আনহাতে আজি প্ৰথম দিনটোত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ৭৭ জন প্ৰশিক্ষাৰ্থী চালকক মানপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হয় ।

 

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment