বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ (চতুৰ্থ খণ্ড)

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ

লেখিকা : ধৃতিস্মিতা দাস

 

আজি শুক্ৰবাৰ

কথা হোৱা মতেই লীনা উপস্থিত হ’ল অৰুণিমাৰ ষ্টুডিঅ’ত।

:বাহ,ইমান দিনৰ মূৰত,দিন মাহ নহয়,বহুত বছৰেই হ’ল,নহয় জানো?

:তই কিন্তু একেই আছ’ অৰু।

: কি কৱ,আগতকৈ ধুনীয়া হে হৈছ’ দে’ বুলি ক’বি বুলি ভাবিছিলো।

: উফ্‌,একেবাৰে গোঁসানীজনীয়েই দে।

: শুন লীনা,তোৰ খবৰ ল’ম বুলিয়েই তোৰ নম্বৰ লৈছিলো নিয়ৰৰ পৰা।কিন্তু,লগ পালোৱেই যিহেতু এটা সৰু কাম’টো খটুৱাম।বেয়া নাপাবি,ভুলো নুবুজিবি।টিছাৰ্‌ কিছুমানৰ বাইট লৈ আছো এইকেইদিন আহি থকা এটা টক শ্বো’ৰ বাবে।তয়ো এটা দিবিচোন।

: এইটো কিবা বেয়া পাবলগীয়া কথা হ’ল নে?টপিক টো ক’।

: সেইবোৰ হৈ থাকিব।লগ পাইছোহে মাত্ৰ।

: অই,উদ্দেষ্ণাৰ লগত কণ্টেক্ট আছেনে?

: আছে,কিন্তু বিয়ালৈহে যোৱা নহ’ল অ’।

: মোকো মাতিছিলে,যোৱা নহ’ল।তাইৰ নিজৰ টাউনতেই কলেজ এখনত পাৰমানেণ্ট হ’ল নহয়।

: তোৰো বৰ্তমান ভালেই হ’ল।খা-খবৰ নিদিয়াকৈ হঠাৎ নঁগাৱলৈ গুচি গ’লি ইমান বছৰৰ বাবে।শেষত যেনিবা ঢাপলি মেলিলি পুণৰ নিজৰ চহৰলৈ।

এনেতে কফি,চিঙৰা,মিঠাই আহি হাজিৰ।

কফিৰ কাপটো হাতত লৈ লীনাই পুণৰ আৰম্ভ কৰিলে,-

:অই অৰু,ইউনিভাৰ্চিটী যাবি নেকি?

:যাম দে এদিন।

:এতিয়াই যাবিলৈ সুধিছো!

:এই আবেলিখন?

একো নহয় ব’ল,পাক এটা মাৰি আহো মোৰ স্কুটীখনতেই।মেঘালী একেই আছে নে নাই চাই আহো।কেম্পাছত কি কি সলনি হ’ল চাই আহো।অলপ সময়ৰ বাবে কাম,দায়িত্ব, এইবোৰ পাহৰি জালুকবাৰীখন চাই আহো।অত’ বছৰ হ’ল দেখা নাই কেম্পাছটো।আৰু ৰিচাৰ্চ কৰি আছে নহয় কেইটামানে।সিঁহতকো এবাৰ দেখা কৰি আহিম ব’ল।

: তই জান’ লীনা,ইমান বছৰে ময়ো সেই কেম্পাছটোত ভৰি দিয়া নাই।

: গতিকে ইমানকৈ ভাবি আছ’ কিয়,বল চাই আহো।

কথা মতেই কাম।কফি,চিঙৰা খাই হ’লত পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ দুয়ো ওলাই গ’ল চিৰযৌৱনা জালুকবাৰী অভিমুখে।

কি সুন্দৰ পৰিবেশ।একেই আছে কেম্পাছ।একেই আছে মাৰ্কেট।পৰিৱৰ্তনৰ নামত কেইটামান নতুনকৈ সৃষ্ট বিল্ডিং আৰু ফুলৰ বাগিছা কেইখনমান আৰু পাৰ্ক এখন।বাকি সকলো একেই আছে।কেম্পাছৰ চাৰিওফালে ঘুৰি ফুৰিছে বহুতো নতুন মুখ।

ভাল লগাৰ সমান্তৰালভাৱে দুখো লাগিল দুয়োৰে।কিমান যে ভাল বন্ধুত্বৰ পৰিসমাপ্তি ঘটিছিল।প্ৰায় ছয়,সাত বছৰ পাৰ হৈ গ’ল।কিন্তু এতিয়াও যেন চকুৰ আগত জল্‌ জল্‌ পট্‌ পট্‌কৈ দেখা দিছে সেইসময়ৰ বহুতো চিনাকি মুখ।ডিপাৰ্টমেণ্ট বিল্ডিঙৰ তলত দিয়া আড্ডা,ডিপাৰ্টমেণ্টৰ ওচৰৰ চাহৰ দোকানখনত চাহ পকৰি খোৱা,পুখুৰীৰ পাৰে পাৰে ফটো উঠা,হোষ্টেলৰ সমুখত লগৰবোৰৰ লগত কৰা হাঁহি তামাছা,সকলোবোৰ যেন ঘটনাই যেন লীনাৰ চকুত ভাঁহি উঠিছে।লগতে দুটোপ চকুপানী।যেন খন্তেক সময়ৰ বাবে সাত বছৰ পিছলৈ ঘুৰি যাব মন গৈছে।জীয়াব মন গৈছে ২২/২৩ বছৰীয়া যৌৱন আকৌ এবাৰ জালুকবাৰীৰ বুকুত।

দুয়োজনীয়ে ভাবুক হৈ পৰা সময়তে আকৌ প্ৰেক্টিকেল পৃথিৱীখনলৈ ঘূৰাই আনিবলৈ সমুখত আহি হাজিৰ হ’ল ৰিচাৰ্চ স্কলাৰ অনিমেষ।

ব্ৰেক মাৰ ব্ৰেক মাৰ।এই দুজনী সুন্দৰী আমাৰ পৰাশৰ আৰু নাথ নহয়নে?ইমান বছৰৰ মূৰত এই আবেলিখন ইয়াত দৰ্শন যে?কেছটো কি?

অৰুৱে তপৰাই উত্তৰ দিলে,-

শ্ৰীমান অনিমেষ,আপোনাৰ প্ৰশ্নকাকতখন সম্পূৰ্ণ হ’ল যদি উত্তৰ কৰা আৰম্ভ কৰো নে?

খুব হাস্যৰসিক আৰু খোলা অন্তৰৰ অনিমেষ আছিল এসময়ত মিছ পৰাশৰ আৰু অৰুণিমাৰ ভাল বন্ধু।তিনিও গৈ ইউনিভাৰ্চিটীৰ ফেমাছ্‌ কেণ্টিন মেঘালীত বহিল।

চাহ পকৰিৰ অৰ্ডাৰ টো দি অনিমেষে আৰম্ভ কৰিলে,-

: দুয়োজনী বুঢ়ী হ’লি,বিয়া দুখন খাব লাগিছিল নহয়।নে কাকো নামাতি মনে মনে পাতি থ’বি বুলি ঠিৰাং কৰি’ছ?

পৰাশৰে লগে লগে কৈ উঠিল,

: বোপা টোৰ চোন গোটেই চুলি সৰি টপা আংকুল হ’লি।এনেহেন টপা আংকুল এটাই আমাক এডভাইচ দিলে নুশুৱাই বুইছ’।আনলৈ আঙুলি এটা টোৱালে আন চাৰিটা অটোমেটিক নিজৰ ফালে ঢাল খায়।

: সেইটোৱেই কথা।মোৰ ফালে আঙুলি টোৱালী মানে টোৰ ফালে বাকি চাৰিটা ঢাল খালে।

: এইটো টপিক আৰম্ভ তই হে কৰিছিলি।

অৰুৱে মাত লগালে,

: গাইজ,এইবোৰ বাদ দে আৰু ভাৱচোন সাত বছৰ আগতে এই একেখিনি জেগাতে বহি কিমান যে আড্ডা মাৰিছিলো।

অনিমেষ : হয় পাই,এই যে নিয়ৰটোৰ কথা ভাবিলে আচৰিত লাগে।ইমান সোনকালে মিনিষ্টাৰ হ’ল।

মিছ পৰাশৰ : ইয়াত বৰ বেছি আচৰিত হ’বলগীয়া কিতো আছে,আমিটো আগৰপৰাই জানিছিলো সি এইটো লাইনতেই যে যাব।মাত্ৰ ভবাতকৈ অলপ সোনকালে হ’ল যেনিবা।

অনিমেষ : হওঁক দে ভালেই।মাত্ৰ পাৱাৰ পাই নীতি-আদৰ্শবোৰ সলনি নহ’লেহে ৰক্ষা।

অৰু : গেৰাণ্টী দিব নোৱাৰি এইবোৰ।হ’লেও নিয়ৰৰ ওপৰত অলপ বিশ্বাস কৰিব পাৰি যেন লাগে।

মিছ পৰাশৰ : যোৱামাহত ফোন কৰিছিলো এবাৰ।মিনিষ্টাৰ হৈয়ো কথাৰ সুৰ কিন্তু সলনি হোৱা নাই।

এনেদৰে প্ৰায় এঘণ্টামান কথা পতাৰ অন্তত লীনা আৰু অৰুণিমাই জালুকবাৰী এৰিলে।বাটত অৰুণিমাৰ ষ্টুডিঅ’ত সোমাই বাইটতো দি লীনা ঘৰলৈ উভতিল।

উভতনিৰ বাটত ফোনটো বাজি উঠিল।আনন’ন নম্বৰ!স্কুটীখন ৰখাই ফোনটো ৰিচিভ কৰাত,

: হেল্ল’

: হয়,কোন?

: চিনি পোৱা না নে?

চিনি পোৱা নোপোৱা পুৰুষকণ্ঠ এটাই লীনাৰ বুকুৰ ধপ্‌ধপ্‌নি ক্ৰমাত বৃদ্ধি কৰি আনিলে।

কওঁ নকওঁ কৈ লীনাই কৈ উঠিল,

:তুমি?

:জানিছিলো ধৰিব পাৰিবা বুলি।

(আগলৈ)

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment