ইতিহাস বহন কৰা কলিয়াবৰৰ শিলঘাটস্থিত এটা বাংলা ।

স্বাধীনতা আন্দোলনৰ ধ্বজা বহন কৰি অহা কলিয়াবৰৰ শিলঘাটত থকা এটা বৃটিছ বাংলাই আজিও ৰিঙিয়াই মাতে..

ইতিহাস বহন কৰা এই বাংলাটো ১৮৮৭ চনতে বৃট্ৰিছ ৰেভিনিউ চিটি শিলঘাটত স্থাপন কৰিছিল

বৃট্ৰিছে । স্বাধীনতা আন্দোলনৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেজপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে পাৰহৈ আহি জিৰণি লৈছিলহি ঐতিহাসিক এই বাংলাটোত । ইয়াৰ পৰাই জাতিৰ পিতাই কুচকাৱাজ চলাইছিল স্বাধীনতা আন্দোলনৰ। তেতিয়াৰেপৰা আজিও শিলঘাটত এই বঙলাটোৱে স্বাধীনতা আন্দোলনৰ ঐতিহ্য হিচাপে ধ্বজা বহন কৰি আহিছে।

লুইতৰ পাৰৰ শিলঘাটৰ এটা বঙলা৷ পৰাধীন ভাৰতৰ স্বাধীনতা আন্দোলনৰ উকমুকনিৰ সময়তে ইংৰাজে সজোৱা এটা ঘৰ৷ বহু ইতিহাস বহু ইতিলেখৰ আৰম্ভণি ঘটিছিল এই ঘৰটোৰপৰাই৷ এতিয়া এইটো এটা পৰিদৰ্শন বঙলা৷ ১৮৮৭ চনৰ কোনোবা এটা দিনত তেতিয়াৰ চৰাইঘাটত আৰু এতিয়াৰ শিলঘাটৰ মাজমজিয়াতে বগা চাহাবে আটোমটোকাৰীকৈ সজাইছিল ঘৰটো৷ ঘৰ বুলি কোৱাতকৈ আচলতে বাংল’ বুলি ক’লেই শোভা পায় এই মধ্য অসমৰ এই বিশেষ ঘৰটো৷

এই ঐতিহাসিক ঘৰটোতে তেজপুৰৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ১৯২১ চনতে মহামানৱ মহাত্মা গান্ধী উপস্থিত হৈছিলহি শিলঘাটত৷ শিলঘাটত উপস্থিত হৈয়ে এই বাংলাতে জিৰণি লৈ কলিয়াবৰৰ লগতে সমগ্ৰ মধ্য অসমৰে স্বাধীনতা আন্দোলনক গতি প্ৰদান কৰাৰ লগতে ইয়াৰ বুজ লৈছিল জাতিৰ পিতা গৰাকীয়ে৷ জাতিৰ পিতাৰ লগতে জৱাহৰলাল নেহেৰু,লাল বাহাদুৰ শাস্ত্ৰী, জগজীৱন ৰাম, জে বি কৃপানলী আদি ৰাষ্ট্ৰৰ গন্য মান্য লোকসকলে জিৰণি লৈছিল এই বঙলাটোত।শতবৰ্ষ গৰকা এই বঙলাটো জহি খহি যোৱাৰ উপক্ৰম হৈছিল। কিন্তু ২০১৪ চনত বিধান সভাৰ অধিবেশনত স্থানীয় বিধায়ক কেশৱ মহন্তই তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগক অবগত কৰোৱাত ২০১৫ চনৰ ৩১ জানুৱাৰীত বঙলাটো সুন্দৰকৈ সজাই পুনৰ মুকলি কৰা হয়।বৰ্তমানেও বৃট্ৰিছ ৰেভিনিউ চিটি শিলঘাটৰ লুইতৰ পাৰৰ এই বঙলাটোৱে ভাৰতৰ স্বাধীনতাৰ এক সোনালী ইতিহাস বহন কৰি আহিছে।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment