আই পি এছ বৈভৱ চি নিম্বালকাৰলৈ মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ঘোষণা।

গুণমুগ্ধসকলৰ মাজত আনন্দৰ ঢৌ।

আজিৰ খবৰ, গুৱাহাটী, ১৫ আগষ্ট : ৭৫ সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ডঃ। হিমন্ত বিশ্ব শৰ্মাই অসম মিজোৰাম সীমান্তত সংঘৰ্ষত শ্বহীদ হোৱা ছয়জন আৰক্ষী কৰ্মীক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু আন ৫ জন আৰক্ষী কৰ্মীক মুখ্যমন্ত্ৰীৰ উৎকৃৃষ্ট সেৱা পদক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, শেহতীয়াকৈ অসম মিজোৰাম সীমান্ত সংঘৰ্ষত অসম আৰক্ষীৰ ছয়জন নায়কে মাতৃভূমিৰ সুৰক্ষাৰ সময়ত প্ৰাণ আহুতি দিছিল। এই বীৰ আৰক্ষী কৰ্মীসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি উদ্দেশ্যে আজি এই সন্মানীয় পদক ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ পদক লাভ কৰা ৬ জন শ্বহীদৰ ভিতৰত আছিল ২১ তম অসম আৰক্ষী (আইআৰৰ) এছআই (এবি) স্বপন কুমাৰ ৰয়, ষষ্ঠ এপিবিএন হাবিলদাৰ শ্যাম সুন্দৰ দুচাদ, ২১তম এপি (আইআৰ) বেটেলিয়নৰ কনিষ্টবল চামচুজ্জামান বৰভূঞা , কনিষ্টবল লিটন চুক্লবদ্য, ষষ্ঠ এপি বেটেলিয়নৰ কনিষ্টবল মজৰুল হক বৰভূঞা আৰু কনিষ্টবল নজৰুল হুছেইন।
আনহাতে, মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদকৰ বাবে নিৰ্বাচিত বিষয়া আৰু কৰ্মচাৰীসকলৰ ভিতৰত আছে কাছাৰ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক আইপিএছ বৈভৱ চি নিম্বালকাৰ , আৰক্ষী কাৰ্যালয়ৰ পৰিদৰ্শক (ইউবি) মুকুল কাকতি, বিশ্বনাথ জিলাৰ সত্যেন সিং হাজাৰী পৰিদৰ্শক (ইউবি), খাটখাতি আৰক্ষী থানাৰ দায়িত্বত থকা মালিক ব্ৰহ্ম আৰু কনিষ্টবল বৰসিং বে।
ইফালে অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লায়লাপুৰত সংঘটিত হিংসাত্মক সীমান্ত সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা আই পি এছ বিষয়া বৈভৱ চি নিম্বালকাৰক মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ঘোষণাক লৈ তেওঁৰ শুভাকাংক্ষী আৰু গুণমুগ্ধসকলৰ মাজত আনন্দৰ ঢৌ উঠিছে।
আঘাতপ্ৰাপ্ত আইপিএছ বৈভৱ মুম্বাইৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও এতিয়াও সম্পূৰ্ণকৈ সুস্থ হৈ উঠা। নাই ।। আই পি এছ বিষয়া বৈভৱ চি নিম্বালকাৰ নামটোৱেই হেনো সম্প্ৰতি অপৰাধীৰ মাজত আতংকৰ কাৰণ হৈ পৰা দক্ষ বিষয়া গৰাকীক এনে সন্মান ঘোষণা কৰাত স্বাভাবিকতে গুণমুগ্ধৰ মাজত হাঁহি বিৰিঙিছে ।যোৰহাট, মাজুলী, তিনচুকীয়া আৰু দেৰগাঁওৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তথা শেহতীয়াকৈ কাছাৰত তেওঁ কৰা উৎকৃষ্ট সেৱাৰ বাবেই তেওঁক এই সন্মান দিয়া হৈছে বুলি সকলোৱে বিশ্বাস কৰিছে । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে উক্ত বঁটা বিজয়ীসকলৰ ভিতৰত বৈভৱ নিম্বলকাৰেই একমাত্ৰ আইপিএছ বিষয়া যি নিজৰ কৰ্মনিষ্ঠাৰ বাবেই এই পদকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তদুপৰি অসম সত্ৰ মহাসভাৰ লগতে সমন্বিত যুৱ তীৰ্থ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন ব্ৰাদাৰ্ছ , সামাজিক সংগঠন মিছন পিচ আদিয়ে তেওঁক অভিনন্দন জনাইছে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment