কাইলৈৰ পৰা গুৱাহাটীৰ পৰা অৰুণাচলৰ তেজুলৈ পোনপটীয়া বিমান সেৱা।

আজিৰ খবৰ, ১৭ আগষ্ট : ভাৰত চৰকাৰে দেশৰ আন প্ৰান্তৰ দৰে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰ চি এছৰ অধীনত পোনপটীয়া যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে ফ্লাইবিগ নামৰ বিমান পৰিবহণ সংস্থাটোৱে ১৯ আগষ্টৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হব । এই সন্দৰ্ভত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তে জানিবলৈ দিয়া মতে প্ৰথম পৰ্যায়ত ১৯ আগষ্টৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতি সপ্তাহত চাৰিদিনকৈ গুৱাহাটীৰ পৰা তেজুলৈ আৰু তেজুৰ পৰা গুৱাহাটীলৈ পোনপটীয়াকৈ বিমান চলাচল কৰিব । সেই অনুসৰি সপ্তাহৰ মঙলবাৰ , বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে “এ টি আৰ – ৭২ -৫০০ শ্ৰেণীৰ ৭২ আসনযুক্ত বিমানখন বৰঝাৰ বিমান বন্দৰৰ পৰা পুৱা ৮.২৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ১ ঘন্টা ১০ মিনিট উৰণৰ অন্তত ৯.৩৫ বজাত গৈ তেজু বিমান বন্দৰত অৱতৰণ কৰিব । তেনেদৰে পুনৰ বিমানখন পুৱা ৯.৫৫ বজাত তেজু বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু এঘন্টা ২০ মিনিট উৰণৰ অন্তত ১১.১৫ বজাত আহি বৰঝাৰ বিমান বন্দৰ পাব । ইতিমধ্যে ১৫ আগষ্টত তেজু বিমান বন্দৰত বিমানখনৰ উৰণ – অৱতৰণৰ পৰীক্ষণ কার্য সম্পন্ন কৰা হৈছে । ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ অধীনত অৰুণাচল প্ৰদেশৰ একমাত্ৰ কাৰ্যক্ষম হৈ থকা তেজু বিমানলৈ বিমান চলাচল আৰম্ভ হলে লোহিত জিলাকে ধৰি পৰ্যটনৰ আকৰ্ষণীয় থলী হিচাপে পৰিচিত বৃহত্তৰ অঞ্চলটোত ইতিবাচক প্ৰভাৱ পৰিব বুলি ৰবি কান্তে আশা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ অন্যতম তীৰ্থস্থান স্বৰূপ পৰশুৰাম কুণ্ডলৈ যোৱা তীৰ্থযাত্ৰী সকল তেজুলৈ পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত বাৰুকৈয়ে উপকৃত হব । কিয়নো তেজুৰ পৰা পৰশুৰাম কুণ্ডলৈ পথৰে গলে সৰ্বাধিক ডেৰ ঘণ্টা লাগে । আনকি তেজুলৈ বিমান চলাচল আৰম্ভ হলে ভাৰত – চীন আৰু ভাৰত – ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চললৈ গুৱাহাটীকে ধৰি দেশৰ আন প্ৰান্তৰ পৰা যাতায়ত ব্যৱস্থা অতি সুচল হৈ পৰিব । ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সীমান্ত পথ সংগঠনৰ ( Border Roads Organization ) তিনিচুকীয়াৰ ডুমডুমাস্থিত “উদয়ক প্ৰকল্প”ৰ অধীনত ধলা – শদিয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেঁতুৰ পৰা ৰয়িং , তেজু , মায়োডিয়া , পৰশুৰাম কুণ্ডহৈ চীন আৰু ম্যানমাৰ সংযোগী পথ সমূহ দুই লেনযুক্তকৈ নিৰ্মাণ কৰা হৈছে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment