আমাৰ ল’ৰা ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰো

মুখ্যমন্ত্ৰী ছাৰ,এবাৰ আমাক চাওঁক চৰকাৰলৈ বাছ-চালক সন্থাৰ আহ্বা

আজিৰ খবৰ,১৮ আগষ্ট : চৰকাৰে নতুন এছ অ পি ঘোষণা কৰাৰ লগে লগে বাছ চালক সকলৰে মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । চৰকাৰে ঘোষণা কৰা এছ অ’ পিক লৈ বাছ-চালক সন্থাই কৰিছে তীব্ৰ অসন্তুষ্টি। আজি আই এছ বি টিত এক সংবাদ মেল অনুষ্ঠিত কৰি
সদৌ অসম বেছৰকাৰী দিবা-নৈশ বাছ-চালক সন্থাৰ প্ৰকাশ কৰিছে এই অসন্তুষ্টি । সংবাদমেলত বাছ-চালক সন্থাৰ মন্তব্য,”হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয় আমাক পাহৰি গ’ল?মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় চালক সকলে কয়, ছাৰ, আপোনাৰ অসমৰ এই চালক নামৰ জাতিটোৱে আপোনাৰ বাবে বাট চাই ৰৈছে। চালক নামৰ অসমত বাস কৰা এটা জাতি আছে, এবাৰ চকু মেলি চাওক আমাক ছাৰ।
কালি আন্ত:জিলা যাতায়ত খোলাৰ আশা কৰিছিলো, কিন্তু নিৰাশা কৰিলে। মালিকক আমি টকা খুজিব নোৱাৰা হৈছো,এবাৰ আপোনালোকে আমাক চাওক। আমাৰ ল’ৰা ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰা হৈছো,ঘৰলৈ উভতি যাব নোৱাৰা হৈছো,আমি ইয়াতে মৰি যাম।
উল্লেখ্য যে নতুন এছ অ পি অনুসৰি আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা কৰিছে যদিও কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি দিয়া হৈছে । ইফালে এই এছ অ পিত ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থকাৰ বাবেই এইদৰে ক্ষোভিত হৈ পৰিছে বাছ চালক সকল ।’

Comments (0)
Add Comment