আজিৰ খবৰ, ২৫ আগষ্ট : তালিবানী কাণ্ডক লৈ এতিয়া সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে আফগানিস্তানৰ আন এক বাতৰিয়ে সকলোৰে দৃষ্টি কাঢ়িছে । আফগানিস্তানৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে জাৰ্মানীত পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰা খবৰ পোহৰলৈ অহাৰ পাছতে সৰ্বাধিক চৰ্চালৈ আহিছে এই আফগান মন্ত্ৰীৰ কথা । চৈয়দ আহমেদ শ্বাহ সাদাত নামৰ প্ৰাক্তন মন্ত্ৰীজন মাত্ৰ এটা বছৰ পূৰ্বে আফগানিস্তান চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল ৷ কিন্তু আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ সৈতে মতভেদ হোৱাৰ বাবে চৈয়দ আহমেদ শ্বাহ সাদাতে ২০২০ বৰ্ষতে দেশ ত্যাগ কৰি জাৰ্মানীত থাকিবলৈ লৈছিল ৷ জানিব পৰা মতে সম্প্ৰতি সাদাতে এতিয়া জাৰ্মান চহৰৰ লিপজিগত খাদ্য বিতৰণ কৰা ল’ৰা অৰ্থাৎ ডেলিভাৰী বয় হিচাপে কাম কৰি আছে ৷ ইতিমধ্যে সাদাতে জাৰ্মানীত ডেলিভাৰী বয়ৰ পোছাক পৰিধান কৰি পিজ্জা বিতৰণ কৰা দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰা দেখা গৈছে ।
উল্লেখ্য যে , সাদাতে আফগান চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হৈ থাকোতে যোগাযোগ সম্পৰ্কীয় সমস্যা সামাধন কৰিবলৈ জাৰ্মানীলৈ গৈছিল কিন্তু সেই সময়তে অৰ্থাৎ আশ্ৰফ ঘানীৰ সৈতে মতভেদ হোৱাৰ বাবে ২০২০ বৰ্ষত মন্ত্ৰী ত্যাগ কৰি জাৰ্মানীতে থাকিবলৈ লয় সাদাত ।
জাৰ্মানীত ডেলিভাৰী বয় হিচাপে কাম কৰাৰ সন্দৰ্ভত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী গৰাকীক স্থানীয় সংবাদাতাই প্ৰশ্ন কৰোঁতে সাদতে কয় ডেলিভাৰী বয় ‘‘মই বহু চাকৰিৰৰ বাবে আবেদন কৰিছো, কিন্তু এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই ৷ যোৱা ডিচেম্বৰ মাহত জাৰ্মানীত উপস্থিত হৈ পেট চলাবলৈ তেওঁ পিজ্জা বয়ৰূপে কাম কৰিছে জাৰ্মান টেলিকম কোম্পানী এটাত কাম কৰাৰো সপোন পুহি ৰাখিছে সাদাতে । অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী সাদাতে বিশ্বৰ বিভিন্ন প্ৰান্তত বহু বহুজাতিক সংস্থাত উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল। শেষত ৰাজনীতিত যোগদান কৰি তেওঁ মন্ত্ৰী হৈছিলযদিও ভাগ্যৰ চকৰিয়ে আজি তেওঁক কৰি পেলালে পিজ্জা বয়।