অসমীয়া চলচ্চিত্ৰলৈ আহিছে সূখবৰ :ব্ৰীজ’ ছবিয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ নবাগত পৰিচালকৰ আন্তঃৰাষ্ট্ৰীয় সন্মান।

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : অসমীয়া চলচ্চিত্ৰ ব্ৰীজ ছবিখনে আনিছে অসমীয়া ছবিজগতলৈ আনিছে এক সুখৰ খবৰ । ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰীজ’ৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু পৰিচালক কৃপাল কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান ।
লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱা ৰাণী কলিতাই অভিনয় কৰা ব্ৰীজৰ চৰিত্ৰটো যথেষ্ঠ প্ৰত্যাহ্বান মূলক আছিল য’ত তেওঁ পথাৰত হালবোৱা ভৰা নদীত কলৰ ভুৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল। ইতিমধ্যেই শিৱাৰাণী কলিতাই অটোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। পৰিচালকে যথেষ্ট স্বাভাৱিক অভিনয় কৰাইছে অভিনেতা অভিনেত্ৰীক ।এইখন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱা ৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল। অভিনয়ৰ অভিজ্ঞতা কেৱল এখন মঞ্চ নাটকৰে পৰাই অভিনয় জগতত খোজ পেলাইছিল শিৱৰাণীয়ে । পৰিচালক কৃপাল কলিতাৰ ব্ৰীজ প্ৰথম খন‌ পুৰ্ণদৈৰ চিনেমা। সুদীৰ্ঘ সময় ধৰি কৃপালে নাটক চিনেমা ধাৰাবাহিক চুটি চিনেমা আদিৰ পৰিচালনা চিত্ৰনাট্য ৰচনা অভিনয় আদিত নিৰবিচ্ছিন্ন ভাবে জড়িত হৈ আহিছে। উল্লেখ্য যে ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ৩৫ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)২০২০ চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান । ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজৰ স্হান লাভ আদি উল্লেখযোগ্য। ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত ব্ৰীজে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ চাৰিটাকৈ মনোনয়ন লাভ কৰি দুটা সন্মান আজুৰি আনিবলৈ সক্ষম হয় । এনে পুৰস্কাৰে অসমীয়া চলচ্চিত্ৰ অনুৰাগী আৰু ব্ৰীজৰ পৰিয়ালক অধিক উৎসাহিত কৰাৰ লগতে অসমীয়া ছবিলৈ ভৱিষ্যতৰ আশাৰ বতৰা কঢ়িয়াই আনিছে ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment