এতিয়াৰ পৰা নিষিদ্ধ হ’ল সংগীত চৰ্চা : নিয়ম ভংগকাৰীসকলক বিহা হ’ব শাস্তি! কোনে দিলে সকিয়নি ,সবিশেষ জানিবলৈ পঢ়ক …

আজিৰ খবৰ, ২৭ আগষ্ট : এতিয়াৰ পৰা ইছলামত সংগীত নিষিদ্ধ কৰা হৈছে । এই সকিয়নী প্ৰদান কৰিছে তালিবানে । আফগানিস্তানত নিষিদ্ধ হ’ল সংগীত চৰ্চা । এতিয়াৰে পৰা সংগীতৰ চৰ্চা কৰিব নোৱাৰিব আফগান নাগৰিকে। দেশৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পাছতে দেশখনৰ নাগৰিকক সংগীত চৰ্চাৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰিছে তালিবানে। ইতিমধ্যে দেশখনত থকা বিভিন্ন প্ৰতিষ্ঠানৰ লগতে বিভিন্ন শিল্পীৰ হাতত থকা সাংগীতিক বাদ্যযন্ত্ৰও নষ্ট কৰি পেলোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

তালিবানৰ মুখপাত্ৰ জাবিুল্লাহ মুজাহিদে আফগানত সংগীত নিষিদ্ধ কৰাৰ কথা সদৰী কৰিছে।দেশখনত এতিয়াৰে পৰা সংগীতৰ কোনো স্থান নাথাকিব।

উল্লেখ্য যে, ১৯৯০ৰ দশকত তালিবানৰ অধীনত সংগীত,দূৰদৰ্শন আৰু চলচ্চিত্ৰ নিষিদ্ধ কৰা হৈছিল।নিয়ম ভংগকাৰীসকলক নিৰ্ণায়ক শাস্তি পৰ্যন্ত বিহা হৈছিল। তালিবানে ক্ষমতা হেৰুওৱাৰ পাছত আফগানিস্তানত সংগীত আৰু সংগীতানুষ্ঠানৰ পৰিৱেশে এক নতুন ৰূপ লৈছিল । কিন্তু এতিয়া তালিবান ক্ষমতা দখল কৰাৰ পাছতেই সংগীত ,চলচিত্ৰ সকলো নিষিদ্ধ কৰিছে তালিবাণীয়ে ।

Comments (0)
Add Comment