সাপৰ বিষে আৰোগ্য কৰিব COVID-19 : এই আচৰিত তথ্য প্ৰকাশ কৰিছে ব্ৰাজিলৰ গৱেষকে।

আজিৰ খবৰ,১ ছেপ্টেম্বৰ : বিষাক্ত সাপৰ পৰা আৰোগ্য হ’ব ক’ৰোনা । এইবাৰ ব্ৰাজিলৰ এদল গৱেষকে এই আচৰিত তথ্য প্ৰকাশ কৰিছে । ব্ৰাজিলত উপলব্ধ এক বিশেষ সাপৰ বিষৰ পৰা ঔষধ প্ৰস্তুত কৰি কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিব পৰা যাব পাৰে বুলি ব্ৰাজিলৰ এদল গৱেষকে ক’ব খুজিছে । আন্ত:ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ৰয়টাৰ-এ ব্ৰাজিলৰ গৱেষকৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে ব্ৰাজিলত উপলব্ধ এবিধ বিষাক্ত সাপৰ বিষৰ ক্ষুদ্ৰকণা তথা অণুৱে বান্দৰৰ শৰীৰ তথা কোষত থকা কৰ’না ভাইৰাছৰ প্ৰজনন প্ৰতিৰোধ কৰে। উল্লেখ্য যে,jararacussu নামৰ বিষাক্ত সাপৰ পৰা কৰোনা প্ৰতিষেধক প্ৰস্তুত কৰিব পৰা যাব বুলি কোৱা হৈছে । এই সাপ বিধ ব্ৰাজিলৰ আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰত এটা।ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৬ ফুট। এই সাপৰ বিষৰ এই অংশটোৱে ভাইৰাছটোৰ নিৰ্দিষ্ট প্ৰ’টিন প্ৰতিৰোধ কৰিব পাৰে। গৱেষক সকলে জনোৱা মতে সাপত থকা বিষবোৰ মলিকুল পেপটাইড বা এমিনো এচিডৰ এক শৃংখলা, যি কৰ’না ভাইৰাছৰ পিএলপ্ৰো এনজাইমৰ সৈতে সম্পৰ্কিত। ই আন কোষৰ ক্ষতি নকৰাকৈ ভাইৰাছৰ বিকাশত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

অৱশ্যে কেতিয়াকৈ এয়া সম্ভৱ হ’ব সেই বিষয়ে গৱেষকসকলে এতিয়াই প্ৰকাশ কৰা নাই। প্ৰকৃততে যদি সম্ভৱ হৈ উঠে তেন্তে কৰ’নাৰ প্ৰতিৰোধী যুঁজৰ ক্ষেত্ৰত ই সম্ভাৱ্য ঔষধ হিচাপে প্ৰথম পদক্ষেপৰ লগতে কৰোনা প্ৰতিষেধকৰ ক্ষেত্ৰত ব্ৰাজিলৰো হ’ব উল্লেখ্যনীয় ভূমিকা ।

Comments (0)
Add Comment