ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নতুন নামাকৰণক লৈ তীব্ৰ বিৰোধিতা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ।

আজিৰ খবৰ, গুৱাহাটী, ৩ চেপ্তেম্বৰ: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। বিৰোধী দলপতি দেৱব্ৰেত শইকীয়াই কয়-‘ চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন কেবিনেটে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম কর্তন কৰি পুনৰ নামাকৰণ কৰাটো অতি দুর্ভাগ্যজনক। এজন ভাৰতীয় নাগৰিক হিচাপে দেশৰ বাবে আত্ম বলিদান দিয়া এজন ব্যক্তিক কৰা অপমানৰ আমি তীব্ৰ বিৰোধীতা কৰিছো ৷ লগতে ওৰাং অভয়াৰণ্যৰ নামৰ পৰা ৰাজীৱ গান্ধীৰ নাম কর্তন কৰিব নালাগে, কিয়নো পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ক্ষেত্ৰতে তেওঁৰ অৱদান অপৰিসীম। পোন প্ৰথমবাৰৰ বাবে ১৯ ৮৬চনত দলীয় ইস্তাহাৰত পৰিৱেশ সুৰক্ষাৰ বিষয়টোৱে স্থান পাইছিল । য’ত পৰিৱেশ বহনক্ষম উন্নয়ন, প্ৰাকৃতিক সম্পদৰ অৱক্ষয় আৰু শোষণ আদিৰ বিষয়ে প্ৰকাশ পাইছিল। প্ৰাকৃতিক সম্পদৰ ৰক্ষাৰ বাবে এক ৰাষ্ট্ৰীয় সংৰক্ষণ বর্ণনীতি প্ৰস্তুত কৰা, শিক্ষা আৰু তথ্য মাধ্যমত পাৰিপাশ্বিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, পৰিৱেশ সুৰক্ষাৰ বাবে এক বিশেষ টাস্ক ফর্চ গঠন কৰা, বায়ু আৰু পানী প্ৰদূষন নিয়ন্ত্ৰন কৰা আদি বিষয় উল্লেখ আছিল। ১৯৮৫ চনত তেওঁ এটা ৰাষ্ট্ৰীয় পতিত ভূমি পৰিষদ গঠন কৰিছিল। তাৰ পৰৱর্তী সময়ত ১৯৮৬ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে গংগা নদী পৰিষ্কাৰৰ বাবে গংগা কার্য পৰিকল্পনা জি এ পি প্ৰৱর্তন কৰি গংগা নদীক পৰিষ্কাৰ কৰিছিল।ৰাজীৱ গান্ধীয়ে ২৭ টা বিভিন্ন চৰকাৰী বিভাগক পৰিবেশবিদ অনিল আগৰৱালাৰ মতামত গ্ৰহণ কৰি আলোচনাৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ নীতিৰ লগত সামঞ্জস্য ৰাখি আঁচনি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰি দিছিল। অন্যহাতে ৰাজীৱ গান্ধীৰ নেতৃত্বতে ১৯৮৬ চনত পৰিৱেশ বিভাগক মন্ত্ৰালয়ৰ স্তৰলৈ উন্নীত কৰিছিল। মহান নেতাগৰাকীৰ নেতৃত্বত লোৱা সেইয়া এক ঐতিহাসিক সিদ্ধান্ত আছিল। তদুপৰি ১৯৯১ চনৰ ইস্তাহাৰত প্ৰদূষন নিয়ন্ত্ৰন নিয়মাৱলী বলবৎ কৰা, একত্ৰিত ৰাষ্ট্ৰীয় পানী আৰু ভূমি নীতি বিকাশ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। দলপতি গৰাকীয়ে কয়-‘ এই কাৰ্যৰ আঁৰত ৰাজনৈতিক অভিসন্ধি আছে। আমি মুখ্যমন্ত্ৰীক ৰাজনীতি পৰিহাৰ কৰি এজন ভাৰতীয় নাগৰিক হিচাপে চিন্তা কৰিবলৈ অনুৰোধ জনাইছো ৷

উল্লেখযোগ্য যে ভাৰতত এছিয়ান গেমছ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজীৱ গান্ধীৰ অৱদান অপৰিসীম আৰু দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত বিভিন্ন অৱদান আগবঢ়াই যোৱাৰ বাবেই ৰাজীৰ গান্ধীৰ নামত ক্ৰীড়া প্ৰকল্প পুনৰ নির্মাণৰ সিদ্ধান্ত লোৱা হৈছিল । সমগ্ৰ দেশৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ বাবে ইমানখিনি অৱদান আগবঢ়াই যোৱা এজন ব্যক্তিৰ নাম অসম চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কর্তন কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় । এই বিষয়টো অসম চৰকাৰে পুনৰ বিবেচনা কৰি দেশৰ বাবে আত্ম বলিদান দিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মান প্ৰদর্শন কৰি পূৰ্বৰ দৰেই ওৰাং অভয়াৰণ্যৰ নাম ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰাখিবলৈ দাবী জনায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

Comments (0)
Add Comment