এছ বি আই গোলাঘাট শাখাৰ উদ্যোগত শিক্ষক দিৱস উদযাপন: কৃতী শিক্ষকক সম্বৰ্ধনা।

আজিৰ খবৰ, গোলাঘাট, ৫ ছেপ্টেম্বৰঃ ভাৰতীয় ষ্টেট বেংক অব ইণ্ডিয়া (এছ বি আই)ৰ গোলাঘাট শাখাই আজি নিজা কাৰ্যালয়ত শিক্ষক দিৱস উদযাপন কৰে। এই উপলক্ষে অধ্যাপক অমৰেন্দ্ৰ নাৰায়ণৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও কৃতী শিক্ষকক এছ বি আই-এ প্ৰশস্তি পত্ৰ,গামোচা আৰু ফুলৰ তোৰাৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধিত কৃতি শিক্ষক কেইগৰাকী হ’ল –নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক মহেন শইকীয়া, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক ৰোহিনী বল্লভ গোস্বামী আৰু ডিম্বেশ্বৰ শইকীয়াৰ লগতে ৰাজ্যিক কৃতী শিক্ষয়িত্ৰীৰ বঁটা প্ৰাপ্ত জ্যোতি কুমাৰী শৰ্মা। অনুষ্ঠানত আন বিশ গৰাকী ব্যক্তিকো শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জনোৱা হয়। সভাত শিক্ষক অনামিকা শইকীয়া,জোনাৰাম মৰাং আৰু প্ৰদীপ শৰ্মাক ব্যক্তিগত ঋণ প্ৰদান কৰে এছ বি আই-এ। সম্বৰ্ধনা লাভ কৰা কৃতী শিক্ষক কেইগৰাকীয়ে নিজৰ চমু ভাষণত এছ বি আইৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনত আৰু কাম কৰিবলৈ আহ্বান জনায়।

Azir KhoborHimanta biswa Sarma
Comments (0)
Add Comment