যোৰহাটত হাঁহ-কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন অভিভাৱক মন্ত্ৰী ডা: ৰনোজ পেগুৰ।

আজিৰ খবৰ, যোৰহাট, ৬ ছেপ্তেম্বৰ: যোৰহাট জিলা প্ৰশাসন আৰু জিলা পশুপালন ও পশুচিকিৎসা বিভাগৰ যৌথ উদ্যোগত আজিৰ পৰা বাঘচোং পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হাঁহ-কুকুৰা পালন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ হৈছে৷ ক’ভিড- ১৯ মহামাৰীৰ ফলত অৰ্থনৈতিক ভাৱে ক্ষতিগ্ৰস্থ হৈ পৰা যুৱক যুৱতীসকলক স্বাৱলম্বনৰ পথ এটা মুকলি কৰি দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷আজিৰ প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰনোজ পেগু৷ অনুষ্ঠানটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে প্ৰশাসন আৰু পশুচিকিৎসা বিভাগৰ এনে পদক্ষেপক প্ৰশংসা কৰাৰ লগতে প্ৰশিক্ষণত অংশ লোৱা যুৱক- যুৱতী তথা অন্যান্য প্ৰশিক্ষাৰ্থী সকলক উৎসাহ জনায়৷ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বজাৰত হাঁহ – কুকুৰাৰ চাহিদা বহুত বেছি , গতিকে হাঁহ – কুকুৰা পালনৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে উন্নতিৰ জখলা বগাই নিজৰ সপোন পূৰণ কৰাৰো থল আছে৷ আজিৰ উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰে জিলা পশুচিকিৎসা বিষয়া ডা: ভূপেন দাসে ৷ ৬ ছেপ্তেম্বৰৰ পৰা ১১ ছেপ্তেম্বৰলৈকে অনুস্থিত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ১৮০ জন লোকক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যদিও আগলৈ আৰু এনে কাৰ্যসূচী হাতত লোৱাৰ পৰিকল্পনা আছে বুলি ডা: দাসে জানিবলৈ দিয়ে৷আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত তিতাবৰ মহকুমা পশুচিকিৎসা বিষয়া ডা: ৰঞ্জিত গগৈ আৰু বাঘচোং খণ্ড পশুচিকিৎসা বিষয়া সীমান্ত গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰে৷উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, সদৰ মহকুমাধিপতি আকাশী দূৱৰা,পশুচিকিৎসা বিষয়া ডা: ৰঞ্জন পাটৰ, বাঘচোঙস্থিত জিলা মুৰ্গী ফাৰ্মৰ মেনেজাৰ ছাৰোআৰ ছাদেৰৰ লগতে জিলা প্ৰশাসন আৰু পশুপালন ও পশুচিকিৎসা বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

Comments (0)
Add Comment