মাজুলীৰ নদী দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজিৰ খবৰ,৮ ছেপ্টেম্বৰ : মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতীঘাটমুখী দুখন ফেৰীৰ মাজত আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তাৎক্ষণিকভাৱে ফোনযোগে আলোচনা কৰে সৰ্বানন্দ সোনোৱালে । যাত্ৰীসকলৰ উদ্ধাৰৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ফোনযোগে উল্লেখ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ তৰফৰপৰাও এইক্ষেত্ৰত যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।

Comments (0)
Add Comment