মিছা আৰক্ষীৰ বৃহৎ সফলতা। গ্ৰেপ্তাৰ ৭টাকৈ দুধৰ্ষ ডকাইত।

ৰূপহীহাত থানাৰ অন্তৰ্গত কাঠপাৰাত ঘৰ ধৃত ডকাইত চাকলিম মুস্তাকৰ।

আজিৰ খবৰ, কলিয়াবৰ, ১০ ছেপ্টেম্বৰ : প্ৰায় ৪০ টা দিনৰ অন্তত মিছা আৰক্ষীয়ে বৃহস্পতি বাৰে নিশা কলিয়াবৰৰ বৰালিগাঁওত ৩৭ নং ৰাষ্ট্ৰয় ঘাইপথত সংঘটিত হোৱা ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাকক গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কৰি লৈ যোৱা এছ ০৫ কে ৮৯৭৮ নম্বৰৰ বাইক খন জব্দ কৰিবলৈ সক্ষম হৈছে।

 

ৰূপহীহাত থানাৰ অন্তৰ্গত কাঠপাৰাত ঘৰ ধৃত ডকাইত চাকলিম মুস্তাকৰ।

আনহাতে এই ৪০ দিনৰ ভিতৰতে এই ডকাইতিৰ ঘটনাৰ লগত জড়িত ৬ টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিছিল মিছা আৰক্ষীয়ে। এই ৬ দুৰ্ধৰ্ষ ডকাইতৰ ভাষ্যৰ ভিত্তিত মিছা আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতি বাৰে নিশা আন এক দুৰ্ধৰ্ষ ডকাইত চাকলিম মুস্তাকক আটক কৰাৰ লগতে ডকাইতি কৰি নিয়া পালচাৰ বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাই তাৰিখে কলিয়াবৰৰ বৰালিগাঁওৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ব্ৰইলাৰ কোম্পানীত কৰ্মৰত পল্লব বৰদলৈ নামৰ এজন যুৱকৰ পৰা এটা ৮ জনীয়া ডকাইতৰ দলে লুটি লৈ গৈছিল এখন পালচাৰ বাইকৰ লগতে মানিবেগ আৰু মোবাইল ফোন।

আৰু যোৱা নিশা ধৃত চাকলিম মুস্তাক নামৰ ডকাইত তোক গ্ৰেপ্তাৰ কৰাৰ লগতে পালচাৰ বাইক খন উদ্ধাৰ কৰিবলৈ সক্ষম হল কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া “ৰাজীৱ বৰুৱাৰ সহযোগত মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত সজাতি” । লগতে আন ৬ দুৰ্ধৰ্ষ ডকাইতৰ পৰা মোবাইল ফোনটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।আটকাধীন ৬ দুৰ্ধৰ্ষ ডকাইত ক্ৰমে ৰহমত আলি,জহিৰুল ইছলাম,আছাদুল হক,হাৰুণ ৰচিড,ৰফিকুল ইছলাম আৰু মুকচিদুল।

Comments (0)
Add Comment