আৰক্ষীত পুনৰ ৰদ-বদল গৃহ বিভাগৰ…..

কোন বিষয়াক ক'লৈ কৰিলে বদলি?

আজিৰ খবৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : অসম আৰক্ষীক পুনৰ ৰদ-বদল কৰিছে ৰাজ্যৰ গৃহ বিভাগে । কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)লৈ বদলি কৰা হৈছে । দৌলাশালৰ ১৪নং আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ বদলি৷ অসম আৰক্ষীৰ চৰ্তুথ বেটেলিয়নৰ সহকাৰী অধিনায়ক দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক পদলৈ বদলি৷ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ সহকাৰী বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাক চিৰাং জিলাৰ উপ–আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ বদলি। দেৰগাঁৱৰ একাদশ আৰক্ষী বেটেলিয়ন (বৰ্তমান চি আই ডিত অতিৰিক্তভাৱে কৰ্তব্যৰত) উপ–আৰক্ষী অধীক্ষক মৃদুল বৰুৱাক চি আই ডিৰ উপ আৰক্ষী অধীক্ষকলৈ বদলি৷ মানজাৰ ২৩নং আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক আব্দুল ৰচিদক বৰমণিপুৰৰ ১৬নং আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক পদলৈ বদলি৷

পাণবাৰীৰ ২০তম আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক জীয়াউৰ ৰহমানক চি আই ডিৰ উপ–আৰক্ষী অধীক্ষক পদলৈ বদলি কৰিছে ৰাজ্যৰ গৃহ বিভাগে ।

 

Comments (0)
Add Comment