ৰাণীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা শিৱ প্ৰকাশ।

আজিৰ খবৰ, গুৱাহাটী, ৬ অক্টোবৰ : বিজেপি দলৰ নীতি আদৰ্শ আন বহু দলৰ লগত নিমিলে । কিয়নো দলটোৱে শাসনৰ বাবে নহয় সেৱাৰ বাবেহে সদায় কাম কৰি আহিছে । আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটো সেয়েহে প্ৰায় কুৰিদিনীয়া কাৰ্যসূচীৰে দেশজুৰি পালন কৰি অহা হৈছে । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় কমিটিয়ে যুটীয়া সাংগঠনিক সম্পাদক শিৱ প্ৰকাশৰ । ৫ অক্টোবৰত পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চৌহদত বিজেপিৰ ৰাণী মণ্ডল কমিটিৰ কাৰ্যনিৰ্বাহক সভাত ভাগ লৈ এই মন্তব্য কৰে দলটোৰ ৰাষ্ট্রীয় নেতা শিৱ প্রকাশ । সভাত শিৱ প্ৰকাশ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জীৱনটো ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কৰিছে । সেইবাবে দলটোৱে তেওঁৰ জন্মদিনটোৰ অচিলা লৈ বিগত দিনকেইটাত ৰক্তদান শিবিৰ ,বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চাফাই অভিযান , গছপুলি ৰোপণ অভিযান , পৰিবেশ সংৰক্ষণৰ সজাগতা অভিযানকে ধৰি বিভিন্ন সমাজ সেৱামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । আনহাতে ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথে আঁত ধৰা সভাত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা , গুৱাহাটী মহানগৰ কমিটিৰ সভাপতি মৃগেন শৰণীয়া , অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা , ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য অশোক কুমাৰ ভৰালী , মুকুতা ডেকা , ৰাজ্যিক মুখপাত্ৰ ডঃ জুৰি শৰ্মা বৰদলৈ , ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , আজাৰা আৰু মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ক্ৰমে কবিতা বড়ো ৰংপী আৰু ববিতা বৈশ্য , গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক তপন দাস কলিতা , জিলাৰ তত্বাৱধায়ক ক্ৰমে – নয়ন দাস , মৃণাল দাস আৰু ৰঞ্জিত বনজাং , ৰাণী মণ্ডলৰ প্ৰভাৰী দিলীপ দাসকে ধৰি কেবাজনো নেতাই ভাষণ দিয়ে । দেশপ্ৰেম মূলক সংগীতেৰে সভাৰ সামৰণি পৰে ।

Comments (0)
Add Comment